জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


বাস কৰি সেই অঞ্চল সমূহৰ জনসাধাৰণক একত্ৰিত কৰিছিল। এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰৰ বাবে তেৰাই ‘নামঘৰ’ আৰু ‘থান’ আৰু সত্ৰ সৃষ্টি আৰু প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰ, থান আৰু সত্ৰসমূহ হ’ল শঙ্কৰী সংস্কৃতি; ধৰ্ম চৰ্চা আৰু প্ৰদৰ্শনৰ কেন্দ্ৰস্থলী।
মহাপুৰুষ শঙ্কৰদেৱৰ শিষ্য সকল ক্ৰমে মাধৱদেৱ, হৰিদেৱ, দামোদৰ দেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত এই থান সমূহক অৱশ্যে সত্ৰ নামকৰণ কৰা হ’ল। শঙ্কৰদেৱ আৰু তেৰাৰ সময়ৰ শিষ্য সকলৰ সময়ত এই থান সমূহক বৰদোৱা থান, পাটবাউসী থান, গাঙ্গমৌ থান, বেলগুৰি থান নামে জনা গৈছিল।
প্ৰচলিত কুসংস্কাৰ, অন্ধবিশ্বাস আঁতৰাই এক শৰণ হৰি নাম ধৰ্ম প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ৰজা-প্ৰজা উভয়ৰে পৰা তীব্ৰ বিৰূদ্ধাচৰণৰ সন্মুখীন হ’ব লগীয়া হৈছিল। কিন্তু তেৰাই কৃষ্ণস্ত ভগৱান স্বয়ম এই সত্যবাণীক সাৰোগত কৰি দুৰ্বাৰ সাহসেৰে নিজ লক্ষ্যত আগবাঢ়ি গ’ল।