জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৮ খ্ৰীষ্টাব্দ)
আৰু
মহাপুৰুষ মাধৱদেৱ (১৪৯৮-১৫৯৬ খ্ৰীষ্টাব্দ) ৰ মহা মিলন
মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ হয় ১৪৮৯ খ্ৰীষ্টাব্দত, অসমৰ লক্ষীমপুৰ জিলাৰ অন্তৰ্গত লেটেকুপুখুৰীৰ ওচৰৰ ৰঙাজানত, হৰসিংহ বৰাৰ (হৰিসিঙা বৰা) ঘৰত। মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃ হ’ল মনোৰমা। পিতৃ গোবিন্দগিৰি ভূঞা বাংলাদেশৰ অন্তৰ্গত বণ্ডুকাৰ শাসনকৰ্ত্তা প্ৰতাপৰায় ভূঞাৰ অধীনস্থ উচ্চপদস্থ বিষয়া আছিল। মাধৱদেৱে প্ৰাথমিক শিক্ষা আৰম্ভ কৰে হৰসিংহ বৰাৰ সংস্কৃত টোলত। তাৰপিছত পিতৃ গোবিন্দগিৰিৰ লগত বণ্ডুকালৈ যায় আৰু বণ্ডুকাত ৰাজেন্দ্ৰ অধ্যাপকৰ সংস্কৃত টোলত মাত্ৰ এবছৰ কাল শিক্ষা গ্ৰহণ কৰি কায়স্থ বৃত্তি, তৰ্ক ন্যায়- নীতি আদি শাস্ত্ৰ অধ্যয়ন কৰি স্কুলীয়া শিক্ষা সমাপ্ত কৰে।
বণ্ডুকাত থকা সময়তে মাধৱদেৱৰ পিতৃ বিয়োগ হয়। তাৰপাচত সতীয়া জেষ্ঠ্য ভ্ৰাতৃ দামোদৰৰ পৰা বিদায়লৈ মাধৱদেৱে অসমৰ ভৰালীডুবিত থকা তেৰাৰ ভনীজোৱায়েক গঞাপানিৰ ঘৰত উপস্থিত হয় আৰু মাতৃ মনোৰমাকো তাতে লগ পায়।
মাধৱদেৱ আছিল ঘোৰ শাক্ত আৰু দুৰ্গাভক্ত। মাকৰ টান ৰোগৰ সময়ত দুৰ্গা দেৱীৰ নামত পঠা ছাগলী এটা উচৰ্গা কৰাৰ বাবে মনতে সিদ্ধান্ত লৈছিল। দুৰ্গাৰ পূজাৰ সময়ত বলি দিবৰ বাবে পঠা ছাগলী বিচাৰিবলৈ গঞাপনিক কোৱাত ভনীজোৱায়েকে বলি-বিধানৰ বিপক্ষে যুক্তি দাঙি ধৰিলে আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্মমতৰ বিষয়েও জনালে। মাধৱদেৱে শঙ্কৰদেৱৰ লগত যুক্তি তৰ্ক কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেইমতে ৰপ্তচ্চ্ খ্ৰীষ্টাব্দত গঞাপনিৰ সৈতে মাজুলীৰ ধোৱাঁহাট বেলগুৰিত উপস্থিত হয়। চিনাকিপৰ্ব হোৱাৰ পিছতেই তৰ্কযুদ্ধ আৰম্ভ হ’ল। মাধৱদেৱে আগম শাস্ত্ৰ সমূহৰ শ্লোকেৰে শক্তি পূজাৰ সপক্ষে যুক্তি দাঙি ধৰে আৰু শঙ্কৰদেৱে নিগম শাস্ত্ৰসমূহৰ শ্লোকেৰে মাধৱদেৱৰ যুক্তি খণ্ডন কৰি যায়। প্ৰাচ্য পণ্ডিত মহেশ্বৰ
