জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


নেওগৰ ‘শ্ৰী শ্ৰী মাধৱদেৱ’ নামৰ গ্ৰন্থখনিত উল্লেখ আছে যে জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মাজত সংস্কৃত আৰু পুৰণি অসমীয়া ভাষাত সুদীৰ্ঘ তৰ্ক হয়। শেষত শ্ৰীমন্ত শঙ্কৰদেৱে মহাপুৰাণ অৰ্থাৎ মহাভাগৱতৰ চতুৰ্থ: স্কন্ধৰ একত্ৰিশ অধ্যায়ৰ শ্লোকটি গম্ভীৰভাৱে আবৃত্তি কৰিলে- –


“যথাতৰোৰ্মূল নিষেচনেন তৃপ্যন্তি তৎস্কন্ধভূজোপশাখাঃ।
প্ৰাণোপাহাৰচ্চ যথেন্দ্ৰিয়ানাম্‌ তথৈৱ সৰ্ৱাৰ্হনমচ্যুতেভ্য।।”


অৰ্থাৎ গছৰ গুৰিত পানী দিলে যিদৰে গা-গছ, শাখা-উপশাখা তৃপ্ত হয়, আৰু যিদৰে জীৱই খাদ্য গ্ৰহণ কৰিলে ইন্দ্ৰিয়সমূহ তৃপ্ত হয়, ঠিক তেনেদৰে অচ্যুতক অৰ্থাৎ কৃষ্ণক আৰাধনা কৰিলে সমস্তকে অৰ্থাৎ সমস্ত দেৱ দেৱীক আৰাধনা কৰা হয়। শঙ্কৰদেৱৰ সৰ্বশাস্ত্ৰসন্মত ঐক্যমত বাণীয়ে মাধৱদেৱৰ চিত্ত স্পৰ্শ কৰিলে আৰু তেৰাই শঙ্কৰদেৱৰ চৰণত পৰি ক’লে- ‘আগতে যে সেৱা কৰিলো, সেৱা কৰিছিলো বৰভূঞা বিষয়ৰ প্ৰতি মান কৰি আৰু এতিয়া যি কৰিছো, তোমৰাৰ অভয় পাদ—পঙ্কজত জীৱটি বিক্ৰয় কৰি গুৰু মানি।’ (গুৰুচৰিত কথাৰ আধাৰত ৰচিত ডঃ মহেশ্বৰ নেওগৰ শ্ৰীশ্ৰী মাধৱদেৱ নামৰ গ্ৰন্থৰ পৰা) এইদৰে মাধৱদেৱে শ্ৰীমন্ত শঙ্কৰদেৱক গুৰুমানি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰত ৰত হ’ল। জগত গুৰু শ্ৰীমন্তশঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মিলনক মনি-কাঞ্চন সংযোগ বুলি সৰ্বজনবিদিত।

দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণ ঃ-
সাতান্নবৈ বছৰ বয়সত ছকুৰি ভকতক লগত লৈ পাটবাউসীৰ পৰা ৰপ্তচ্ছ্ৰ6 খ্ৰীষ্টাব্দত জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ ওলায়। এই যাত্ৰাত প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱো লগত গৈছিল। মাত্ৰ জগন্নাথক্ষেত্ৰ ভ্ৰমণ কৰি ছমাহৰ ভিতৰতে পাটবাউসীলৈ উভতি আহে।
বিৰল সৃষ্টি ‘বৃন্দাৱনী বস্ত্ৰ’ ঃ-
চৰিত পুথিৰ আধাৰত ৰচিত মহেশ্বৰ নেওগৰ ‘শ্ৰীশ্ৰীমাধৱদেৱ’ নামৰ গ্ৰন্থমতে, বেহাৰ (কোচবেহাৰ) ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ অনুৰোধত শ্ৰীমন্ত শঙ্কৰদেৱে বৰপেটাৰ তাতীকুছিৰ তাতী – মৰল সকলৰ হতুৱাই ৰঙা, বগা,