জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
ক’লা, হালধীয়া, সেউজীয়া, শ্যাম ৰঙৰ সূতা বোলাই ছকুৰি হাত দীঘল কাপোৰ এখনত শ্ৰীকৃষ্ণৰ বৃন্দাবন – লীলাৰ চিত্ৰ বোৱাই উলিয়াইছিল। গুৰুজনাই নিজে সমুখত থাকি তাতী সকলক বস্ত্ৰখনত সূতাৰে ছবি তুলিবলৈ,আখৰ তুলিবলৈ শিকাইছিল। এই কাম সম্পূৰ্ণ কৰাৰ বাবে গুৰুজনাই মাজে সময়ে, খোজকাঢ়িয়ে ৰঙিয়াজান হৈ কুমাৰকুছি হৈ কোটো জান হৈ বৰপেটালৈ যায় আৰু নিজে বৃন্দাৱনী বস্ত্ৰখনৰ নিৰ্মাণ কাৰ্য্যৰ পৰিচালনা কৰিছিল।
এই বৃন্দাৱনী বস্তুৰ নিৰ্মাণ কাৰ্য্যৰ দ্বাৰা গুৰুজনাই বিশ্বৰ ইতিহাসত কুটীৰ উদ্যোগৰ শুভাৰম্ভ কৰি সৰ্বসাধাৰণ প্ৰজাৰ আৰ্থ সামাজিক প্ৰগতিৰ দিশত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে। এই ‘বৃন্দাৱনী বস্ত্ৰ ভাগত অঙ্কিত শ্ৰীকৃষ্ণ-লীলাৰ কলাত্মক উৎকৃষ্টতা, সেই সময়ৰ ভাৰতীয় সমাজ ব্যৱস্থা, ঐতিহাসিক পটভূমি আদি বিশ্লেষণ কৰিলে পৃথিৱীৰ আচৰিত বস্তু সমূহৰ ভিতৰত এইভাগ নিশ্চয় অন্তৰ্ভূক্ত হ’ব। ৰাজ্যিক তথা ভাৰত চৰকাৰে এই ক্ষেত্ৰত আগভাগ ল’লে ভাৰতবৰ্ষৰ গৌৰৱ দুগুনে বাঢ়িব। বৃন্দাবনী বস্ত্ৰখন এতিয়াও লণ্ডনৰ ভিক্তোৰিয়া সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।
কৃষিভিত্তিক অৰ্থনীতি আৰু কুটীৰ উদ্যোগৰ প্ৰতিষ্ঠাতা ঃ-
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে একশৰণ হৰি নাম ধৰ্ম্মক কেন্দ্ৰ কৰি ধৰ্মনীতি আৰু অৰ্থনীতিৰ শিক্ষা সমান্তৰাল ভাৱে প্ৰদান কৰিছিল। কাৰণ শঙ্কৰদেৱে উপলব্ধি কৰিছিল যে ধৰ্ম হ’ল ভৰা পেটৰেই ভোজন । ভোকাতুৰ মানুহৰ ধৰ্মীয় উপদেশ গ্ৰহণ কৰাৰ ধৈৰ্য্য নাথাকে।
দাৰিদ্ৰই গ্ৰাস কৰা মানুহক ধৰ্ম-সংস্কাৰৰ কথা কোৱা মানে জ্বলা জুইত ঘিউ ঢলা। সেয়েহে গুৰুজনাই কৰ্মসংস্কৃতি সৃষ্টিৰ বাবে গাঁৱে গাঁৱে বুট-মগুৰ খেতি কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ ফলতে সকলো গাঁৱত ধান, সৰিয়হৰ খেতিৰ লগতে বুট-মগুৰ খেতিৰো প্ৰচলন বাঢ়িল। সেই সময়ত জনসাধাৰণৰ প্ৰয়োজনীয় খাদ্য শস্য নিজে উপাদন নকৰিলে গত্যন্তৰ নাছিল। কাৰণ গুৰুজনাৰ সময়ছোৱাত অন্য ৰাজ্যৰ পৰা অসমলৈ কণী, চাউল, বুট-মগু আদিৰ আমদানি হোৱা নাছিল। ‘নামঘৰ’ সাজিবলৈ প্ৰয়োজন হোৱা বাঁহ-বেত-খেৰ, নাম প্ৰসঙ্গত ব্যৱহাৰ হোৱা খৰাহি,পাচি আদি সাজিবলৈ ব্যৱহৃত
