জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
বাঁহ-বেতৰ খেতিও প্ৰয়োজনৰ তাগিদাত গাঁৱে গাঁৱে সকলোৱে কৰিছিল। নাম প্ৰসঙ্গৰ বাবে প্ৰয়োজনীয় খোল, তাল আদি নিৰ্মাণৰ জৰিয়তে ক্ষুদ্ৰ কুটীৰ উদ্যোগসমূহ গঢ়লৈ উঠিছিল। গতিকে দেখা গ’ল শ্ৰীমন্ত শঙ্কৰদেৱে এক শৰণ হৰি নাম ধৰ্মক কেন্দ্ৰ কৰি কৰ্ম সংস্কৃতিৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষত সেউজ বিপ্লৱ আৰু কুটীৰ উদ্যোগ প্ৰতিষ্ঠা কৰিলে।
জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টি অৰ্থাৎ ৰচনা সমূহঃ-
শ্ৰীমন্ত শঙ্কৰদেৱ এশ উনৈশ বছৰ বয়সলৈ জীয়াই আছিল। এই সুদীৰ্ঘ জীৱন কালছোৱাত তেৰাৰ ধৰ্মমত এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ বাবে কৃষ্ণ ভক্তিক কেন্দ্ৰ কৰি ধৰ্ম শাস্ত্ৰ, নাট্য সাহিত্য, ধ্ৰুপদী গীতি সাহিত্য আদি ৰচনা কৰিছিল আৰু এইদৰে ভাৰতীয় সংস্কৃতিক এক সংস্কাৰিত ৰূপ দিছিল। তেৰাই মৌলিকতাৰে এক সাংস্কৃতিক ধাৰাৰ সৃষ্টি কৰিছিল আৰু সেইবাবে শঙ্কৰদেৱে সৃষ্টি কৰা গীত, নৃত্য, বাদ্য, নাট্য এই সমস্তক একত্ৰিত ভাৱে শঙ্কৰী সংস্কৃতি বোলা হয়। শ্ৰীমন্ত শঙ্কৰদেৱে পুৰণি অসমীয়া, ব্ৰজভাষা (ব্ৰজবুলি বা ব্ৰজাৱলী বুলি জনা যায়) আৰু সংস্কৃত এই তিনিটা ভাষাতে গ্ৰন্থসমূহ ৰচনা কৰিছিল।
A) পুৰণি অসমীয়া ভাষাত –
1) অনুবাদমূলক (পদানুবাদ)
a) শ্ৰীমদ্ভাগৱতৰ প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদি পাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টম স্কন্ধৰ অমৃত মন্থন আৰু বলিছলন, দশম স্কন্ধ, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ।
b) উত্তৰাকাণ্ড ৰামায়ন।
2) আখ্যানমূলক কাব্যগ্ৰন্থ ঃ হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিনী হৰণ, কুৰুক্ষেত্ৰ।
3) তত্ত্বমূলক দাৰ্শনীক কাব্য শাস্ত্ৰ ঃ ভক্তি প্ৰদীপ।
4) ভক্তিমূলক প্ৰৱন্ধ গীতি সাহিত্য শাস্ত্ৰ ঃ কীৰ্ত্তন ঘোষা।
5) স্তুতি গীতি কাব্য শাস্ত্ৰ ঃ গুণমালা।
B) ব্ৰজ ভাষাত (ব্ৰজবুলি বা ব্ৰজাৱলী) –
