জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
1) অঙ্কীয়া নাট্য (নাটক) ঃ কালিয় দমন, কেলি গোপাল, পত্নী-প্ৰসাদ, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ আৰু শ্ৰীৰাম ৱিজয়।
2) বৰগীতঃ মুঠ পয়ত্ৰিশটা বৰগীত পোৱা গৈছে। এইবৰগীত সমূহ হ’ল উচ্চাঙ্গ গীত। প্ৰতিটো বৰগীতৰ বাবে শঙ্কৰদেৱে সময় অনুসৰি নিৰ্দ্দিষ্ট ৰাগ বান্ধি দিছিল।
3) অঙ্কীয়া নাটৰ গীত – শঙ্কৰদেৱে ১৪৪ টা অঙ্কীয়া নাটৰ গীত ৰচনা কৰিছিল আৰু, প্ৰতিটো গীতৰ বাবে নিৰ্দ্দিষ্ট ৰাগ আছে।
4) ভটিমা – তিনি প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল। যেনে- দেৱ-ভটিমা, নাট-ভটিমা আৰু ৰাজ-ভটিমা।
a) দেব-ভটিমাঃ মুঠ তিনিটা ৰচনা কৰিছিল। দুটা ব্ৰজাৱলী ভাষাত আৰু এটা সংস্কৃত ভাষাত। সংস্কৃত ভাষাত ৰচনা কৰা ভটিমা ভাগ ত্ৰোটক (তোটয়) ছন্দত ৰচনা কৰিছিল আৰু সেইবাবে তোটয় বুলি জনা যায়।
b) নাট -ভটিমাঃ তিনি প্ৰকাৰৰ-(i)আদ্য (Initial) ভটিমাঃ অঙ্কীয়া নাটৰ নান্দী Invocationৰ পিচতেই সূত্ৰধাৰে জয় জয় কৃষ্ণ বা ৰাম বুলি পৰমব্ৰহ্মৰ গুণাণুকীৰ্ত্তন কৰে। সংস্কৃত নাটত নথকা সূত্ৰধাৰী চৰিত্ৰটো শঙ্কৰদেৱৰ মৌলিক সৃষ্টি। সূত্ৰধাৰ হ’ল নাট আৰু দৰ্শকৰ মাজৰ সংযোগকাৰী। (ii) মধ্য (Middle) ভটিমা ঃ ইয়াৰ স্থান নাটৰ মাজভাগত। (iii) সামৰণি ভটিমা বা অন্ত (Final) ভটিমা ঃ নাটৰ শেষত এইবিধ ভটিমা গোৱা হয় আৰু এই ভাগক মুক্তি মঙ্গল ভটিমা বুলি কোৱা হয়।
c) ৰাজ- ভটিমা ঃ শঙ্কৰদেৱে কোচবেহাৰৰ ৰজা নৰনাৰায়নক সম্বোধন কৰি দুটা ৰাজভটিমা ৰচনা কৰিছিল আৰু ৰাজসভাত আবৃত্তি কৰি শুনাইছিল।
সংস্কৃত ভাষাত ৰচনা কৰিছিল –
1) ভক্তি-ৰত্নাকৰ শাস্ত্ৰ
