জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
2) সংস্কৃত দেৱ ভটিমা (তোটয়)
জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত, প্ৰৱৰ্ত্তিত আৰু প্ৰচাৰিত ‘একশৰণ হৰি-নাম ধৰ্ম’ (একশৰণ নাম ধৰ্ম)ৰ মৌলিক বৈশিষ্ট্য সমূহঃ
ক) জগত সৃষ্টিৰ সময়তে ভগৱন্তই অৰ্থাৎ পৰব্ৰহ্ম কৃষ্ণই নাৰায়ণ ৰূপ লৈ হৰিনাম ধৰ্মৰ সৃষ্টি কৰিলে। ভগৱন্ত নাৰায়ণৰ নাভিকমলৰ পৰা ব্ৰহ্মাৰ জন্ম হৈছিল আৰু ব্ৰহ্মাৰ ভ্ৰূৱমধ্য হন্তে ৰূদ্ৰ (শিৱৰ) জন্ম হৈছিল। ব্ৰহ্মাৰ জীৱনৰ অৰ্ধেক বয়স পাৰ হোৱাত নাৰায়ণে ব্ৰহ্মাক চতুঃশ্লোকী ভাগৱত প্ৰদান কৰিছিল আৰু পৃথিৱীত ভাগৱত জ্ঞান প্ৰচাৰৰ বাবে উপদেশ দিছিল। তাৰ পিচত ব্ৰহ্মাই তেওঁৰ পুত্ৰ নাৰদক ভাগৱত জ্ঞান দিছিল। শেষত নাৰদৰ উপদেশ ক্ৰমে মহামুনি ব্যাসে দ্বাদশ স্কন্ধ মহাভাগৱত পুৰাণ ৰচনা কৰিলে। ব্যাসে দ্বাদশ স্কন্ধ মহাভাগৱত পুৰাণ তেওঁৰ পুত্ৰ শুকমুনিক প্ৰদান কৰিলে আৰু শুকমুনিয়ে আঠাইশ সহস্ৰ ঋষি সমাজক সাক্ষী কৰি গঙ্গা নদীৰ তীৰত পৰীক্ষিত ৰজাক ভাগৱত জ্ঞান দিছিল দ্বাপৰ আৰু কলিৰ সংযোগ কালত।
ত্ৰেতাযুগত পুৰুষোত্তম শ্ৰীৰামৰ লীলা প্ৰকাশৰ নিমিত্তে শিৱ আৰু নাৰদেও ৰাম নামৰ অপাৰ মহিমাৰ গুণানুকীৰ্ত্তন কৰিছিল।
দ্বাপৰ যুগত কৃষ্ণ নামৰ অপাৰ মহিমা সম্বন্ধে শিৱ আৰু নাৰদেও বিশ্লেষণ কৰিছিল আৰু কৃষ্ণ নাম সৰ্বসিদ্ধিদাতা বুলি ঘোষণা কৰিছিল। দ্বাপৰ যুগতে গীতাৰ জৰিয়তে শ্ৰীকৃষ্ণই মানৱ জাতিক এক শৰণৰ তত্ত্ব প্ৰদান কৰিলে।
সত্য যুগত ভগৱন্ত কৃষ্ণই নাৰায়ণ ৰূপে আহি মানৱ জাতিক তেৰাৰ স্ব-সৃষ্টি ভাগৱতৰ জৰিয়তে ‘হৰি-নাম’ প্ৰদান কৰিলে।
খ) কলিযুগত (অৰ্থাৎ বৰ্তমান যুগত) শ্ৰীমন্ত শঙ্কৰদেৱেই হ’ল অদ্বিতীয় মহাপুৰুষ যিজনাই সুপৰিকল্পিতভাৱে, বহুমুখী সৃষ্টিৰে ব্যাপকভাৱে এক শৰণ হৰি নাম ধৰ্ম প্ৰতিষ্ঠা, প্ৰৱৰ্ত্তন আৰু প্ৰচাৰ কৰিলে। অতএব বৰ্তমান যুগত শ্ৰীমন্ত শঙ্কৰদেৱে ‘এক শৰণ হৰি নাম ধৰ্মৰ’ গুৰু।
গ) এক শৰণ হৰি নাম ধৰ্ম (এক শৰণ নাম ধৰ্ম) চাৰি স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত আৰু সেয়া হ’ল – জ্ঞান, বিজ্ঞান, তদঙ্গ আৰু ৰহস্য। শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, অনন্ত কন্দলি আদি সকলোৱে দৃশ্যমান
