জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


আৰু অদৃশ্যমানৰ ‘জ্ঞান’ দাতা শ্ৰীমন্ত শঙ্কৰদেৱক শাস্ত্ৰ সন্মতভাৱে গুৰু বৰণ কৰিছিল। শঙ্কৰদেৱ গুৰুজনাৰ সময়ৰে পৰা গুৰু (শ্ৰীমন্ত শঙ্কৰদেৱ), দেৱ (ভগৱন্ত কৃষ্ণ), নাম (কৃষ্ণ নাম), ভকত (মানৱ সমাজ) এই চাৰিতত্ত্ব সমাজত চলি আহিছে। সৰ্বজ্ঞ ভগৱন্ত কৃষ্ণই হ’ল বিজ্ঞান, কৃষ্ণ নাম হ’ল তদঙ্গ আৰু ৰহস্য’ ভকতি প্ৰচাৰ কৰোতা হ’ল মানৱ জাতি। গতিকে গুৰু, দেৱ, নাম, ভকত এই চাৰি স্তম্ভৰ ওপৰত এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠিত।
ঘ) শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত্ত প্ৰৱৰ্ত্তিত ধৰ্ম হ’ল ‘এক শৰণ হৰি নাম ধৰ্ম, মাৰ্গ বা পথ হ’ল এক কৃষ্ণ-ভকতি আৰু, কৃষ্ণ নাম শ্ৰৱণ কীৰ্ত্তনেই হ’ল একমাত্ৰ মাধ্যম বা উপায়। গুৰুজনাই শ্ৰৱণ-কীৰ্ত্তনক সৰ্বোত্তম নিদান বুলি ঘোষণা কৰিছে- “যদ্যপি ভকতি নৱ-বিধ মাধৱৰ। শ্ৰৱণ কীৰ্তন তাতে মহা শ্ৰেষ্ঠতৰ।।”
ঙ) শঙ্কৰদেৱে আগম শাস্ত্ৰৰ সিদ্ধান্ত সমূহ যেনে মূৰ্ত্তি পূজা, বলি বিধান কৰ্মকাণ্ড নিষেধ কৰিছিল। অন্য দেৱ দেৱীৰ উপাসনা নিষেধ কৰিছিল।
চ) কৃষ্ণস্ত ভগৱান্‌ স্বয়ম্‌’- পৰব্ৰহ্ম-পৰমাত্মা কৃষ্ণই সত্য যুগত অষ্ট কলাযুক্ত নৰৰূপী নাৰায়ণ, ত্ৰেতা যুগত বাৰ কলাযুক্ত নৰৰূপী শ্ৰীৰাম আৰু দ্বাপৰ যুগত ষোল্ল কলাযুক্ত (অৰ্থাৎ পূৰ্ণকলা) নৰৰূপী শ্ৰীকৃষ্ণ হৈ পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিছিল। সেয়েহে শ্ৰীকৃষ্ণক পৰামাত্মা ভগৱন্তৰ নৰৰূপ বুলি সকলো শাস্ত্ৰই তথা সমস্ত দেৱ-দেৱী সমাজেও স্বীকৃতি দিছে।
ছ) বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি-স্থিতি (পালন) – সংহাৰৰ মূল কাৰণ হ’ল নিৰাকাৰ-নিৰঞ্জন, সৎ-চিত্‌-আনন্দময় পূৰ্ণব্ৰহ্ম বা পৰামাত্মা কৃষ্ণ।
জ) শ্ৰীমন্তশঙ্কৰদেৱ অদ্বৈতবাদী। তেৰাৰ সিদ্ধান্ত মতে, পৰামাত্মা কৃষ্ণ হ’ল সৰ্বশক্তিমান, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞ। পৰামাত্মা কৃষ্ণ সমস্ত জীৱতে অৰ্থাৎ মনুয্য, দেৱ-দেৱী আৰু অন্যান্য সকলো জীৱতে ‘আত্মাৰাম’ ৰূপে বিদ্যমান। অৰ্থাৎ সমস্ত জীৱাত্মা লীন হয় পৰমাত্মাত। সেয়েহে শ্ৰীমন্ত শঙ্কৰদেৱে মহৎ শক্তিক বিকৃত কৰি মূৰ্ত্তিৰ আকাৰ দি উপাসনা নিষেধ কৰিছে। একমাত্ৰ নিৰাকাৰ পৰমবহ্ম কৃষ্ণৰ লীলা মহাত্ম্যৰ শ্ৰৱণ-কীৰ্ত্তন কৰিবলৈ সিদ্ধান্ত দিছে। সেইকাৰণে নাট-ভাওনাৰ জৰিয়তে নৰৰূপী ভগৱন্ত কৃষ্ণৰ নৰৰূপী লীলাৰাজি দেখুওৱা হয় আৰু গুণানুকীৰ্ত্তন কৰা হয়।