জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


ঝ) শ্ৰীমন্ত শঙ্কৰদেৱৰ সিদ্ধান্ত মতে পৰামাত্মা বা ভগৱন্ত ইশ্বৰ এজন আৰু সেয়া হ’ল নিৰাকাৰ সচ্ছিদানন্দ ‘কৃষ্ণ’ । পৰব্ৰহ্মই ‘বিভৱ’ ৰূপত পৃথিৱীলৈ আহে অৰ্থাৎ অৱতাৰ গ্ৰহণ কৰে। পূণব্ৰহ্মই মানৱ ৰূপ আৰু অন্য জীৱ যেনে মৎস আদি ৰূপে অৱতাৰ গ্ৰহণ কৰি সন্তক পালন আৰু পাষণ্ডক দমন কৰে।
ঞ) কলিযুগত অৰ্থাৎ বৰ্তমান যুগত পালন কৰিবলীয়া শাস্ত্ৰসন্মত যুগ ধৰ্ম হ’ল এক শৰণ হৰি নাম ধৰ্ম (এক শৰণ নাম ধৰ্ম)
ট) এক শৰণ নাম ধৰ্মৰ তথা শঙ্কৰী সংস্কৃতি চৰ্চাৰ কেন্দ্ৰ হিচাপে শ্ৰীমন্তশঙ্কৰদেৱে ‘নামঘৰ’ সৃষ্টি কৰিছিল। ধৰ্মীয় বিছিন্নতাবাদে গ্ৰাস কৰা ভাৰতীয় সমাজক শাস্ত্ৰ সন্মতভাৱে একত্ৰিত কৰিবলৈ শঙ্কৰদেৱে সৃষ্টি কৰিছিল এক সৰ্বজনীন উপাসনাস্থলী ‘নামঘৰ’ । নামঘৰৰ মণিকূটত প্ৰতিষ্ঠিত সিংহাসন ভাগক ‘গুৰু-আসন’ বুলি কোৱা হয়। জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ নামতেই এই আসনভাগক ‘গুৰু-আসন’ বুলি কোৱা হয়। গুৰু আসনত ভগৱন্ত কৃষ্ণৰ বাণী সম্বলিত, শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ‘গুণমালা’শাস্ত্ৰভাগ প্ৰতিষ্ঠা কৰা হয়। গুণমালা শাস্ত্ৰভাগ হ’ল শ্ৰীমদ্ভাগৱতৰ ক্ষুদ্ৰ ৰূপ।
ঠ) জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰতিষ্ঠিত এক শৰণ হৰি নাম ধৰ্মৰ মূল মন্ত্ৰ হ’ল কৃষ্ণ ভক্তি আৰু প্ৰাণী কল্যাণ কেন্দ্ৰিক। শঙ্কৰদেৱ বিৰচিত শাস্ত্ৰসমূহত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বঙ্গালী, অসমীয়া,মাৰাঠী আদি জাতি-ধৰ্মসূচক শব্দ পাবলৈ নাই। অৰ্থাৎ শঙ্কৰদেৱ দৰ্শন বা শঙ্কৰদেৱ ধৰ্ম হ’ল সৰ্বজনীন আৰু সকলো ধৰণৰ অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্ত। তেওঁৰ এই উদাৰ ধৰ্ম দৰ্শনত আকৃষ্ট হৈ মুছলমানৰ চান্দ খাঁই শঙ্কৰদেৱক গুৰু মানি শৰণ লৈছিল। শঙ্কৰদেৱৰ ধৰ্ম দৰ্শনত পৰমাত্মা কৃষ্ণৰ অনেক নামেৰে কীৰ্তন গোৱা হয়। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, নাম ধৰ্ম সমাজ, সত্ৰ মহাসভা, ভাগৱতী বৈষ্ণৱ সমাজ, ইস্কন (ISKON) আদি ধৰ্ম সংস্থাসমূহে এক শৰণ হৰি নাম ধৰ্মৰ বহুল প্ৰচাৰ কৰি আছে। শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্মৰ মূল মন্ত্ৰ হ’ল – ওঁ নমো ভগবতে বাসুদেবায়। ভক্ত সকলে কৃষ্ণ ভক্তি কেন্দ্ৰিক ভজন তলত দিয়া ধৰণে গায় –


ওম্‌ কৃষ্ণ ওম্‌ কৃষ্ণ
ওম্‌ কৃষ্ণ ওম্‌ কৃষ্ণ
কৃষ্ণ ৰাম কৃষ্ণ ৰাম