জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


কৃষ্ণ ৰাম কৃষ্ণ ৰাম
হৰি কৃষ্ণ হৰি ৰাম
হৰি কৃষ্ণ হৰি ৰাম
ওম্‌ কৃষ্ণ ওম্‌ কৃষ্ণ
ওম্‌ কৃষ্ণ ওম্‌ কৃষ্ণ
হৰে কৃষ্ণ, হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে
হৰে ৰাম, হৰে ৰাম, ৰাম ৰাম হৰে হৰে

শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ শিষ্য মাধবদেৱে অনেক ভজন কীৰ্তনো ৰচনা কৰিছিল আৰু এই ভজন কীৰ্তন সমূহ ভাৰতীয় সমাজত সৰ্বজন বিদিত। শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনাৰাজিৰ বিষয়ে সংক্ষিপ্ত বিশ্লেষণ ঃ
সনাতন ধৰ্মৰ সমস্ত শাস্ত্ৰ দুই ধৰণে ভাগ কৰা হৈছে- আগম শাস্ত্ৰ আৰু নিগম শাস্ত্ৰ। আগম শাস্ত্ৰ সমূহত মূৰ্ত্তি পূজন, নানা দেৱ-দেৱীৰ উপাসনা-পূজা, বলিবিধান, জাতি ভেদ, অস্পৃশ্যতা আদিৰ বিধান আছে। আগম শাস্ত্ৰত ব্ৰহ্মা, শিৱ, বিষ্ণু, দুৰ্গা, কালী আদিক মূৰ্ত্তিৰ আকাৰ দি উপাসনা বা পূজা কৰাৰ নীতি – নিৰ্দেশনা দিছে। শক্তি পূজাত অৰ্থাৎ দুৰ্গা বা কালী পূজাত তেজ, মাংস আৰু সুৰা অপৰিহাৰ্য্য বুলি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত উল্লেখ আছে।
নিগম শাস্ত্ৰ সমূহৰ সিদ্ধান্ত হ’ল পৰমব্ৰহ্ম নিৰাকাৰ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি পালন সংহাৰৰ অধিকাৰী হ’ল একমাত্ৰ পৰমব্ৰহ্ম। নিগম শাস্ত্ৰ যেনে- গীতা, মহাভাগৱত পুৰাণ,পদ্ম পুৰাণ, উপনিষদসমূহে দেৱকী নন্দন শ্ৰীকৃষ্ণক পৰব্ৰহ্মৰ নৰৰূপ বুলি স্বীকৃতি দিছে।
শ্ৰীমন্ত শঙ্কৰদেৱে আগম শাস্ত্ৰসমূহৰ সিদ্ধান্তৰ পালন নিষেধ কৰিছে আৰু ঘোষণা কৰিছে যে কৰ্মকাণ্ড কেন্দ্ৰীক আগমশাস্ত্ৰ সমূহৰ পালন একমাত্ৰ অজ্ঞানীসকলৰ বাবে। ভগৱন্ত কৃষ্ণত ভকতি হ’লে স্বতঃস্ফূৰ্তভাৱে বিশিষ্ট জ্ঞান চকু মুক্ত হ’ব আৰু তেওঁলোকেও নিগম শাস্ত্ৰৰ সিদ্ধান্ত পালন কৰিব।