জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


হৰমৌলিনিঘৃষ্ট পদাব্জপৰং।।
পৰলোক সহায় সহস্ৰ মুখং।
মুখৰালিকুলাকুল মাল্যসুখং।।
সুখমোক্ষদ দক্ষ ৰমাৰমনং।
মনসোপৰিমেয় সহস্ৰফলং।।
ফলতোস্মি নতোস্মি নতোস্মি হৰিং।
হৰি বৈৰী হুতাশন ভোগ্য হৰিং।।
হৰি কিঙ্কৰ শঙ্কৰ ঈশ পদে।
পদমিচ্ছন গায়তি চামৃত দে॥

প্ৰস্তাৱনা

জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত শাস্ত্ৰসমূহৰ পৰা প্ৰাসঙ্গিক পদ ঘোষা সমূহ নিৰ্বাচন কৰি এক শৰণ হৰি নাম ধৰ্মৰ মতখিনি গ্ৰন্থকাৰে থুলমুলকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । অসমীয়া ভাষাত থকা এই পদ ঘোষাখিনি হিন্দী আৰু ইংৰাজী ভাষালৈ তৰ্জমা কৰি গ্ৰন্থকাৰে অসমীয়া ভাষাৰ অধ্যয়ন নথকা পাঠকসকলক উপকৃত কৰিছে । গ্ৰন্থভাগিত সন্নিৱিষ্ট পদ ঘোষা সমূহৰ জৰিয়তে গুৰুজনাৰ ধৰ্মীয় মতাদৰ্শত থকা বৈজ্ঞানিক উপাদান সমূহকো সুন্দৰভাৱে উপস্থাপন কৰিছে । তদুপৰি বৈদান্তিক সিদ্ধান্ত আৰু ভক্তি মাৰ্গৰ শ্ৰেষ্ঠতাও প্ৰতিপন্ন কৰা হৈছে । গ্ৰন্থকাৰে গুৰুজনাৰ সিদ্ধান্ত সমূহৰ জৰিয়তে জ্ঞান-মাৰ্গ আৰু কৰ্ম-মাৰ্গৰ অসাৰতা প্ৰতিপন্ন কৰিছে। একেশ্বৰবাদৰ সাধন মাৰ্গ কৃষ্ণ-নামৰ মহিমা দক্ষতাৰে সৈতে উপস্থাপন কৰা হৈছে । কৰ্মকাণ্ডৰ অসাৰতা দেখুওৱা পদবোৰত ভক্ত আৰু ভক্তিৰ মহিমা বৰ্ণিত হৈছে । মানৱী দেহাৰ যথাৰ্থতা, ভাৰতবৰ্ষৰ মহিমা বেকত হোৱা ঘোষা-পদে গ্ৰন্থখনিক তত্ত্ব গধুৰ কৰি তুলিছে । দুই এঠাইত ব্যৱহাৰ কৰা চৰিত পুথিৰ পদ আৰু ৰামায়ণ মহাকাব্যৰ পদে গ্ৰন্থখনিৰ মৰ্য্যাদা বৃদ্ধি কৰিছে । জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে বিশ্ববাসীলৈ আগবঢ়োৱা বহুমূখী