জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


সেয়েহে মহাপুৰুষ শঙ্কৰদেৱে ‘কৃষ্ণস্ত ভগৱান্‌ স্বয়ম’- এই সিদ্ধান্ত দিছে আৰু তেৰাৰ সমস্ত ৰছনাৰাজি কৃষ্ণ ভক্তি কেন্দ্ৰীক।
শ্ৰীমদ্ভাগৱত ঃ মহামুণি ব্যাসদেৱ ৰচিত সংস্কৃত মহাভাগৱত পুৰাণৰ প্ৰথম অনুবাদ হয় অসমীয়া ভাষালৈ। শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেৰাৰ শিষ্যবৃন্দৰ দ্বাৰা অসমীয়া ভাষালৈ অনুবাদিত দ্বাদশ স্কন্ধ শ্ৰীমদ্ভাগৱত হ’ল ভাৰতৰ প্ৰাদেশীক ভাষালৈ প্ৰথম অনুবাদ। তাৰ পিচতহে হিন্দী, উড়িয়া, বেংগলী, তামিল, মাৰাঠী আদি ভাষালৈ ৰূপান্তৰ হৈছে। শ্ৰীমদ্ভাগৱত সম্বন্ধে ডঃ হীৰেণ গোঁহাইৰ এটি মন্তব্য সৰ্বভাৰতীয় সমাজ ব্যৱস্থাৰ দৃশ্যপটত অতি গুৰুত্বপূৰ্ণ। “মূলভাগৱতত (দ্বাদশ স্কন্ধ)” কৈৱৰ্ত্ত আদি শূদ্ৰ-সম্প্ৰদায়ৰ উন্নতিক কলিৰ অধৰ্ম তথা কলঙ্ক হিচাপেহে ধৰা হৈছে। কিন্তু শঙ্কৰদেৱৰ ভাষাত তেনে কোনো বৰ্ণ বিদ্বেষ নাই, বৰং কৈৱৰ্ত্ত সকলৰ নীচাত্মিকতা গুচাই আত্মবিশ্বাস দিব পৰা প্ৰশংসাহে তেওঁ কৰিছে।” (পৰম্পৰা, পৃঃ ৯১)। শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা অনুবাদিত স্কন্ধ কেইভাগি কিশোৰ -কিশোৰীৰ বাবে অন্তৰ্স্পশী গীত, যুৱক-যুৱতীসকলৰ বাবে বিজ্ঞান সন্মত সুস্থ জীৱন যাপনৰ মন্ত্ৰ, বিদ্ধান সকলৰ বাবে অনন্ত জ্ঞানৰ ভাণ্ডাৰ আৰু ভকতৰ বাবে হ’ল বৈকুণ্ঠৰ কল্পতৰু। অতি সহজ- সৰল, প্ৰাঞ্জল তথা শিল্পীসূলভ প্ৰকাশ ভঙ্গীৰে শঙ্কৰদেৱে শ্ৰীমদ্ভাগৱতত পয়াৰ – ছন্দ, দুলড়ি-ছন্দ, লেছাৰি-ছন্দ আদি প্ৰয়োগ কৰিছে।

কীৰ্ত্তন ঘোষা ঃ– কীৰ্ত্তন ঘোষাত মুঠ সাতাইশটা খণ্ড আছে। প্ৰতিটো খণ্ডত একোটা আখ্যান বা বিষয়বস্তু আছে আৰু প্ৰতিটো আখ্যানত শাস্ত্ৰসন্মত ব্যাখ্যাৰে সৈতে ভগৱন্ত কৃষ্ণৰ মহিমাযুক্ত এক বা ততোধিক কীৰ্ত্তন আছে। কীৰ্ত্তন ঘোষাৰ কীৰ্ত্তন সমূহ ঝুনা, পয়াৰ, ঝুমুৰা, দুলড়ি আদি নানা ছন্দত ৰচিত। প্ৰতিটো কীৰ্তনৰে ভাগ দুটা – ঘোষা আৰু পদ। প্ৰতিটো ছন্দৰ বাবে সুৰ বেলেগ বেলেগ হয়। এইটো মন কৰিবলগীয়া কথা যে ঈশ্বৰ উপাসনাৰ বাবে সুপৰিকল্পিত পদ্ধতিৰে আসন গ্ৰহণ কৰি নাম-প্ৰসঙ্গ কৰাৰ পদ্ধতি, নাম প্ৰসঙ্গৰ শেষত পৰিপাতিকৈ প্ৰসাদ—বিতৰণ আৰু প্ৰসাদ গ্ৰহণৰ পদ্ধতি শঙ্কৰদেৱেই প্ৰথমে আৱিষ্কাৰ কৰিছিল। শঙ্কৰদেৱ (১৪৪৯-১৫৬৮ খ্ৰীষ্টাব্দ)