জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
তকৈ ছল্লিশ বছৰে অনুজ চৈতন্যদেৱে (১৪৮৬- ১৫৩৩ খ্ৰীষ্টাব্দ) বেংগলত ৰাধা কৃষ্ণ নামক কেন্দ্ৰ কৰি সংকীৰ্তনৰ প্ৰচাৰ কৰিছিল। তাৰ পিছত উত্তৰ ভাৰতত শ্ৰীমৎ গোস্বামী তুলসী দাসে (১৫৫৪-১৬৮০ খ্ৰীষ্টাব্দ) ৰামচৰিত মানস ৰচনা কৰি ৰাম-নাম শ্ৰৱণ -কীৰ্তনৰ বহুল প্ৰচাৰ কৰে। লগে লগে ষোল্ল শতিকাত জন্ম গ্ৰহণ কৰা সুৰ দাস, মীৰা বাঈ, কেশৱ দাস আদি প্ৰসিদ্ধ গায়কাৰ সকলে কৃষ্ণ-ৰাম নামৰ ভজন প্ৰচাৰ কৰে।
গুণমালা গ্ৰন্থ (শাস্ত্ৰ) ঃ
ঘোষা ঃ ৰামনিৰঞ্জন পাতক ভঞ্জন।।
পদ ঃ নমোনাৰায়ণ সংসাৰ কাৰণ।
ভকত তাৰণ তোমাৰ চৰণ।।
তুমি নিৰঞ্জন পাতক ভঞ্জন।
দানৱ গঞ্জন গোপিকা ৰঞ্জন।।
বেদান্ত গায়ক বংশীবায়ক।
জগত নায়ক মুকুতি দায়ক।।
…………….. …………………
প্ৰায় এহেজাৰ চৰণ যুক্ত এই শাস্ত্ৰ ভাগি স্তুতি গীতিকাব্যৰ অন্তৰ্গত। ঘোষা ভাগ আৰু পদভাগৰ প্ৰতিটো শাৰীত দুটা শব্দাংশ (Syllable) আছে। প্ৰতিটো শব্দাংশ ছয়টা বৰ্ণেৰে সৃষ্টি কৰিছে। প্ৰথম শব্দাংশৰ অন্তিম বৰ্ণ আৰু দ্বিতীয় শব্দাংশৰ অন্তিম বৰ্ণ একে। আকৌ অতি আচৰিত যে প্ৰথম চৰণৰ অন্তিম বৰ্ণ আৰু দ্বিতীয় চৰণৰ অন্তিম বৰ্ণও একে। গুণমালা শাস্ত্ৰখন শঙ্কৰদেৱে কুসুম- মালা ছন্দত ৰচনা কৰিছিল।
বেহাৰ ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ৰাজসভাত ব্ৰাহ্মণ পণ্ডিতসকলে শঙ্কৰদেৱৰ কীৰ্ত্তিক হেয় প্ৰতিপন্ন কৰিবলৈ বুদ্ধি পাঙিছিল। তেওঁলোকে ৰজাক অনুৰোধ কৰিলে যে শঙ্কৰদেৱে একে ৰাতিৰ ভিতৰত এটা হাতী মাৰি ভূৰুকাত ভৰাই ৰাজসভালৈ আনিব লাগে। তাৰ পিছত ৰজাৰ ইচ্ছানুসৰি শ্ৰীমন্ত শঙ্কৰদেৱে একে ৰাতিৰ ভিতৰত ‘গুণমালা শাস্ত্ৰ’ ৰচনা কৰি ভুৰুকাত ভৰাই পিচদিনা হাতৰ মুঠিতে লৈ আহি ৰাজসভাত আবৃত্তি কৰিলে। এই গুণমালা শাস্ত্ৰখনক সংক্ষিপ্ত ভাগৱত বুলিও কোৱা হয়।
