জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


শঙ্কৰী সাহিত্যত, অৰ্থাৎ গীতি কাব্য, শাস্ত্ৰ কাব্য আৰু নাট্য কাব্যত ছন্দ আৰু অলঙ্কাৰ ঃ


সাহিত্য নামৰ শৰীৰটোৰ প্ৰাণ হ’ল ছন্দ আৰু অংগ প্ৰত্যঙ্গ হ’ল অলংকাৰ। ছন্দই কাব্য সাহিত্যক চৈতন্য প্ৰদান কৰে আৰু অলঙ্কাৰে প্ৰদান কৰে সৌন্দৰ্য্য। যদি ভকতি ৰস সমৃদ্ধ সাহিত্য হ’ল সেয়া হ’ল ধ্ৰুপদী সাহিত্য। বৰ্তমান যুগ, অৰ্থাৎ কলি যুগত শ্ৰীমন্ত শঙ্কৰদেৱেই হ’ল কৃষ্ণ ভক্তি কেন্দ্ৰীক ধ্ৰুপদী সাহিত্যৰ প্ৰতিষ্ঠাতা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সাহিত্য সৃষ্টিৰ জৰিয়তে সমাজ, সংস্কৃতি, ধৰ্ম আৰু দৈনন্দিন কৰ্ম আদি সৰ্বক্ষেত্ৰকে ভকতি ৰসেৰে সংপৃক্ত কৰি অন্ধবিশ্বাসহীন আৰু বিজ্ঞানসন্মত মানৱ সমাজ গঠনৰ পৃষ্ঠপোষকতা কৰিছিল। অসমীয়া কাব্য সাহিত্যৰ ছন্দ-বিশেষজ্ঞ ডঃ মহেন্দ্ৰ বৰাদেৱে উল্লেখ কৰিছে যে শঙ্কৰদেৱে সংস্কৃত ছন্দক শিথিলতাৰ পৰা মুক্ত কৰি নতুন ৰূপত প্ৰতিষ্ঠা কৰিছিল আৰু নিজেই ছন্দৰ সৃষ্টি কৰিছিল। যেনে ঃ গুণমালা কুসুমমালা ছন্দত ৰচিত, কোনো কোনো বৰগীতত প্ৰয়োগ কৰিছে হংসমালা ছন্দ, ভাগৱতৰ ইন্দ্ৰ বলিৰ যুদ্ধ বৰ্ণনাত ব্যৱহাৰ কৰিছে ঝমক ছন্দ। তদুপৰি সংস্কৃত ছন্দৰ যৌগিক ৰীতিত সৰলতা আনি দ্বিপৰ্বিক (Bi-Syallabled), ত্ৰিপৰ্বিক (Tri-Syallabled) ছন্দ সজ্জাক সৰ্বাঙ্গ সুন্দৰ তথা পৰিপূৰ্ণ ৰূপ দিছিল।
ছন্দসমূহ হ’ল ঃ
পয়াৰ ছন্দঃ শব্দাংশৰ সংখ্যা দুটা অৰ্থাৎ দুটা শব্দাংশ থাকে। প্ৰথম শব্দাংশত আঠটা বৰ্ণ আৰু দ্বিতীয় শব্দাংশত ছয়টা বৰ্ণ থাকে।
উদাহৰণ – ত্ৰৈলোক্যক আক্ৰমিলাযচৰণৰ গতি।
তযু পাদোদকে গঙ্গাযভৈলা উতপতি।।
দুলড়ি ছন্দ (৬+৬+৮)- শব্দাংশৰ সংখ্যা তিনি। প্ৰথম শব্দাংশত ছয়টা, দ্বিতীয়টোত ছয়টা আৰু তৃতীয়টোত আঠটা থাকে। ছবি ছন্দ (৮+৮+১০), কুসুমমালা (৬+৬), ঝমক (৬+৮), ঝুনা বা একাৱলী (৬+৫), “হংসমালা (৬+৬+৬), দিগক্ষৰা (৪+৬), পাঁচালী (৬+৬+৬+৬), ঝুমুৰা (৪+৪) ।