জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


আকৌ শঙ্কৰদেৱে ৰচনা কৰা “মধু দানৱ দাৰণ দেৱ বৰং। বৰ ৱাৰিজ লোচন চক্ৰধৰং।।” এইভাগি দেৱ ভটিমা তোটক (বা তোটয়) ছন্দত ৰচিত। প্ৰতি প্ৰথম শাৰীৰ অন্তিম বৰ্ণৰ পূৰ্বৰ দুই বৰ্ণ আৰু দ্বিতীয় শাৰীৰ প্ৰথম দুই বৰ্ণ একেই। ইয়াত ‘বৰ’ এই দুই বৰ্ণ লক্ষ্য কৰক। তাৰোপৰি শঙ্কৰদেৱে তেৰাৰ ৰচনাৰাজিত ব্যৱহাৰ কৰা ছন্দ আৰু অলঙ্কাৰ সমূহৰ ব্যৱহাৰিক কৌশলতা বিশ্লেষণ কৰা সকলে উপলব্ধি কৰিব পাৰিব যে জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যিক। তেৰাই ৰচনা সমূহত, অনুপ্ৰাস, অন্ত্যানুপ্ৰাস, শ্ৰুত্যনুপ্ৰাস, বৃত্ত্যনুপ্ৰাস, ছেকানুপ্ৰাস, লাটানুপ্ৰাস, শ্লেষ, উপমা, পূৰ্ণোপমা, লুপ্তোপমা, ৰূপক, সমাসোক্তি, উৎপ্ৰেক্ষা আদি শব্দ অলঙ্কাৰ পুৰুষোত্তম পাৰদৰ্শিতাৰে প্ৰয়োগ কৰিছে। শঙ্কৰদেৱৰ কলমত শব্দসম্ভাৰে একান্ত বাধ্য ছাত্ৰৰ দৰে উঠা – বহা কৰে আৰু এই পাৰদৰ্শিতাই তেৰাক বিশ্ব সাহিত্যৰো গুৰু ৰূপে প্ৰতিষ্ঠা কৰিছে।
শঙ্কৰদেৱ সংস্কৃতি বা শঙ্কৰী সংস্কৃতিঃ শঙ্কৰী গীত-নৃত্য-বাদ্য আৰু সাহিত্য ঃ-
শ্ৰীমন্ত শঙ্কৰদেৱে গীত-নৃত্য-বাদ্য আৰু সাহিত্য সৃষ্টিৰ জৰিয়তে ভাৰতীয় সংস্কৃতিত এক বিৰল বৈশিষ্ট্য সম্পন্ন মৌলিক ধাৰাৰ প্ৰতিষ্ঠা কৰিলে। সেয়েহে শঙ্কৰদেৱে সৃষ্টি কৰা গীতম-নৃত্যম-বাদ্যম-নাট্যম-কাব্যম-শাস্ত্ৰম এই সকলোকে একত্ৰিত ভাৱে “শঙ্কৰী-সংস্কৃতি” বোলা হয়।
শঙ্কৰী গীত (শঙ্কৰদেৱ গীত) ঃ-
গীতম্‌ – নৃত্যম্‌ – বাদ্যম্‌ – ত্ৰয়ম্‌ সংগীতমুচ্যতে – গীত, নৃত্য আৰু বাদ্য এই তিনিওটাকে একত্ৰিতভাৱে সংগীত বোলা হয়। মীৰাবাঈ, কবীৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰবীন্দ্ৰনাথ ঠাকুৰ আদিয়ে ৰচনা কৰা গীতসমূহক মীৰা ভজন, কবীৰ দোহা, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত বুলি কোৱা হয়। ঠিক সেইদৰে শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা গীত, নৃত্য, বাদ্য, সাহিত্য আদিক শঙ্কৰদেৱ গীত, শঙ্কৰদেৱ নৃত্য, শঙ্কৰদেৱ বাদ্য, শঙ্কৰদেৱ সাহিত্য বুলি কোৱা হয়। গতিকে শঙ্কৰদেৱে সৃষ্টি কৰা গীত, নৃত্য, বাদ্য, সাহিত্য আদিক শঙ্কৰদেৱ গীত, শঙ্কৰদেৱ নৃত্য, শঙ্কৰদেৱ বাদ্য, শঙ্কৰদেৱ সাহিত্য বুলি কোৱা হয়। গতিকে শঙ্কৰদেৱে সৃষ্টি কৰা গীতম্‌, নৃত্যম্‌, বাদ্যম্‌, নাট্যম্‌, কাব্যম্‌, শাস্ত্ৰম্‌