জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


এই সকলোকে একত্ৰিতভাৱে শঙ্কৰদেৱ সংস্কৃতি বোলা হয়। কিন্তু পৰম্পৰাগতভাৱে শঙ্কৰী সংস্কৃতি বুলিও জনা যায়।
শঙ্কৰদেৱে ৰচনা কৰা গীতক শঙ্কৰী গীত বোলা হয়। শঙ্কৰী গীত দুই প্ৰকাৰৰ — বৰগীত আৰু অঙ্কীয়া নাটৰ গীত বা অঙ্কীয়া গীত। তেৰাই বৰগীত পয়ত্ৰিশটা আৰু অঙ্কীয়া গীত এশ চৌৱাল্লিশটা ৰচনা কৰিছিল। বৰগীত আৰু অঙ্কীয়া গীতৰ ভাষা ব্ৰজাৱলী (ব্ৰজভাষা)। বৰগীত আৰু অঙ্কীয়া গীত সমূহক শঙ্কৰদেৱে সময় অনুসাৰে নিৰ্দিষ্ট ৰাগত বান্ধিছিল। অঙ্কীয়া গীতৰ বাবে নিৰ্দিষ্ট তাল নিৰূপন কৰি দিছে। বৰগীতত শ্ৰুতিমধুৰ হোৱাকৈ গায়কে তাল নিৰ্বাচন কৰিব পাৰে। বৰগীত আৰু অঙ্কীয়া গীত হ’ল ধ্ৰুপদী গীত। অৰ্থাৎ উচ্চাঙ্গ গীত। প্ৰতিটো গীতত ভাগ দুটা থাকে – ধ্ৰুং অৰ্থাৎ স্থায়ী আৰু পদ (অন্তৰা)। শঙ্কৰদেৱে সৃষ্টি কৰা ৰাগ সমূহ হ’ল বায়ুমণ্ডল, তিমিৰ, মেঘমণ্ডল, অহিৰ, গৌৰী, তুৰ-বসন্ত, মাহুৰ ধনশ্ৰী, শ্ৰী, আশোৱাৰী, কল্যাণ, কেদাৰ, সুহাই, শ্যাম আদি। গুৰুজনাই গীতত ব্যৱহাৰৰ বাবে সৃষ্টি কৰা তাল সমূহ হ’ল- পৰিতাল, দোমাণি, একতাল, বৰজ্যোতি, ধৰমজ্যোতি, ৰূপক, বিষমজ্যোতি, খৰমান, ৰচক আঠোলা, ওভটা আঠোলা, ৰূপগঞ্জ, মাথ-জ্যোতি, উণ-জ্যোতি, সৰু-জ্যোতি ইত্যাদি।
সাধাৰণতে এটা বৰগীত এটা তালতে গোৱা হয়। কিন্তু একেটা বৰগীতৰ পৰিবেশনত একাধিক তাল সংযোগ কৰি শ্ৰৱণত মাধুৰ্য্য সংযোগ কৰাৰ নীতিও আছে বুলি শঙ্কৰী গীত বিশেষজ্ঞ সকলৰ এজন শ্ৰীগোলাপ মহন্তদেৱে বৰগীত মুকুৰত উল্লেখ কৰিছে। শঙ্কৰী গীত বিলম্বিত আৰু মধ্যলয়ত পৰিবেশন কৰা হয়। শঙ্কৰী গীত সমূহ সখিত্ব, দাস্য, অপত্য, ভক্তি, বিৰহ, ভক্তি-প্ৰেম আদি ভাৱেৰে সংপৃক্ত। ধ্ৰুপদী গীতৰ আধাৰ হ’ল ৰাগ, তাল, লয় আৰু ভাৱ। এই চতুৰঙ্গ সংযোগ ঘটা বাবে বৰগীত আৰু অঙ্কীয়া গীতসমূহ উচ্চতম গুণ সম্পন্ন ধ্ৰুপদী গীত বা শাস্ত্ৰীয় গীত ৰূপে স্বীকৃত।
শঙ্কৰী নৃত্য (শঙ্কৰদেৱ নৃত্য) ঃ-
শঙ্কৰদেৱে সৃষ্টি কৰা নৃত্যক শঙ্কৰী নৃত্য বোলা হয়। আঙ্গিক, বাচিক আৰু আহাৰ্য্য এই তিনি প্ৰকাৰৰ অভিনয় হ’ল শঙ্কৰী নৃত্যৰ আধাৰ স্বৰূপ। গুৰুজনাই মুঠ চৌষষ্ঠিটা ‘মাটি-আখৰা’ (কৰণ) সৃষ্টি কৰিছিল। দুটা বা