জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
ততোধিক মাটি আখৰা মিলি একোটা নৃত্য হয়। শঙ্কৰী নৃত্য সমূহ হ’ল – নাদুভঙ্গী নৃত্য, সূত্ৰধাৰী নৃত্য, শিশু-কৃষ্ণ নৃত্য, গোঁসাই নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, গোপী নৃত্য, দশাৱতাৰ নৃত্য ইত্যাদি।
সূত্ৰধাৰী নৃত্যঃ –
শঙ্কৰদেৱে অঙ্কীয়া নাটত সূত্ৰধাৰ চৰিত্ৰটো সৃষ্টি কৰিছিল। সূত্ৰধাৰজন হ’ল নাটৰ বিষয়বস্তু আৰু দৰ্শকৰ মাজৰ সংযোগকাৰী আৰু চালিকাশক্তি।
নাদুভঙ্গী নৃত্য ঃ-
শ্ৰীকৃষ্ণই বৃন্দাবনত সংগীসকলৰ সৈতে গাই (ধেনু) গৰু চৰাওঁতে কৰা নৃত্য-লীলাক নাদুভঙ্গী নৃত্য বোলাহয়।
শিশু- কৃষ্ণ নৃত্য –
শ্ৰীকৃষ্ণৰ শিশু লীলাক অৱলম্বন কৰি শঙ্কৰদেৱ গুৰুজনাই শিশু – কৃষ্ণ নৃত্য সৃষ্টি কৰিছিল। কালীয় দমন নৃত্য শিশু কৃষ্ণ নৃত্যৰ উদাহৰণ।
চালি নৃত্য ঃ-
ৰাসলীলাত শ্ৰীকৃষ্ণই গোপী সকলৰ সৈতে ময়ুৰ চৰাইৰ নৃত্য ভঙ্গীৰে যি নৃত্য কৰিছিল তাকে চালি নৃত্য বোলা হয়।
ঝুমুৰা নৃত্য ঃ-
ৰাসলীলাত গোপী সকলৰ অহঙ্কাৰ হোৱাত শ্ৰীকৃষ্ণ অন্তৰ্দ্ধান হ’ল। তাৰপিছত গোপীসকল দুখে বেজাৰে মৃয়মান হৈ পৰিল। গোপী সকলৰ বিৰহ প্ৰকাশ কৰিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱে ঝুমুৰা নৃত্য সৃষ্টি কৰিছিল।
গোপী নৃত্য ঃ-
ৰাসলীলাত গোপী সকলৰ আনন্দ-উল্লাস প্ৰকাশৰ নিমিত্তে সৃষ্টি কৰিছিল গোপী নৃত্য। নৃত্যত হস্ত আৰু পদৰ সঞ্চালনক একত্ৰিত ভাৱে ‘কৰণ’ বোলে।
হস্ত সঞ্চালনঃ-
দুই প্ৰকাৰৰ যেনে অংসযুক্ত আৰু সংযুক্ত হস্ত সঞ্চালন। শঙ্কৰী নৃত্যত অসংযুক্ত হস্ত সঞ্চালন আঠাইশ প্ৰকাৰৰ আৰু সংযুক্ত হস্ত সঞ্চালন তেইশ প্ৰকাৰৰ। হস্ত সঞ্চালনৰ উদাহৰণস্বৰূপে ময়ুৰ, সিংহমুখ, মৎস, কুৰ্ম ইত্যাদি।
পদ সঞ্চালন ঃ-
