জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
পদ সঞ্চালন চাৰি প্ৰকাৰৰ যেনে ঃ-মণ্ডল (স্থিৰ অৱস্থান), ভ্ৰমৰী (উৰণগতি), উপ্লাৱন (জপিওৱা) আৰু পদচাৰী (গমন)।
শঙ্কৰী বাদ্য (শঙ্কৰদেৱ বাদ্য) ঃ-
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাদ্যযন্ত্ৰ হিচাপে যি খোল’ সৃষ্টি কৰিছিল সেয়া অভিনৱ তথা মৌলিক সৃষ্টি। কাৰণ চামৰাৰে তৈয়াৰী বাদ্য যেনে ঢোল, মাদল, মৃদঙ্গ আদিৰ আকৃতি আৰু প্ৰকৃতি খোলৰ পৰা সম্পূৰ্ণ পৃথক। খোলৰ ধ্বনি চাৰিটা যেনে খিত, দিত, ধেই, দাও মৌলিক ধ্বনি আৰু অন্য বাদ্যযন্ত্ৰৰ পৰা গুণগত ভাৱেই পৃথক। ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰথম বাদ্যযন্ত্ৰ হ’ল খোল। তাৰপিছত উনবিংশ শতিকাত ভাটখাণ্ডে সৃষ্টি কৰিলে দাইনা তবলা।
ভাৰতবৰ্ষৰ ঐতিহাসিক পটভূমিৰ আধাৰত বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে যে একাদশ শতিকাত মুছলমান ৰজা মহম্মদ ঘোৰীৰ আক্ৰমনে ভাৰতবৰ্ষত মুছলমান ৰাজত্বৰ পাতনি মেলে। তাৰ পিছত ভাৰতত বিটিছৰ প্ৰৱেশ হ’ল ষষ্ঠদশ শতিকাত । অষ্টাদশ শতিকাত ব্ৰিটিছে ভাৰতত ৰাজনৈতিক শক্তি ৰূপে আত্মপ্ৰকাশ তথা প্ৰভাৱ বিস্তাৰ কৰিলে, আৰু মুছলমান ৰজাৰ ৰাজত্বৰো যৱনিকা পৰিল। মুছলমান ৰজাৰ ৰাজত্বৰ পূৰ্বে ভাৰতত তথা বিশ্বত ধ্ৰুপদী গীত-নৃত্য-বাদ্যৰ সৃষ্টি হোৱা নাছিল। ভৰত মুনিয়ে পঞ্চম শতিকাকে ‘ভৰত নাট্যশাস্ত্ৰ’ৰচনা কৰিছিল, কিন্তু নাট্যশাস্ত্ৰ ব্যৱহাৰিক ৰূপত প্ৰকাশ পোৱা নাছিল, কেবল তত্ত্ব জ্ঞান হিচাপেহে শাস্ত্ৰত আবদ্ধ আছিল। মুছলমান ৰজাৰ ৰাজত্ব কালৰ পূৰ্বে হিন্দু ৰজা সকলৰ সময়ত ভাৰতবৰ্ষত মন্দিৰ সমূহত দেৱদাসী নৃত্য আৰু ৰাজ প্ৰসাদত মুঝৰা নৃত্যৰ প্ৰচলন আছিল। তাৰপিছত মুছলমান ৰাজত্বৰ সময়ত মুলতানৰ শেখ বহাউদ্দিন, গুজৰাটৰ চুলতান হুচেইনৰ পৃষ্ঠপোষকতাত ভাৰতবৰ্ষতে ইৰাণী ৰাগৰ প্ৰবেশ ঘটিল । সেই সময়তে ১৪৪৯ খ্ৰীষ্টাব্দত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ আৱিৰ্ভাব হয় আৰু তেৰাই বিজতৰীয়া হ’ব ধৰা তথা মৃতপ্ৰায় ভাৰতীয় সংস্কৃতিক পুণৰুদ্ধাৰৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ল। নানা শাস্ত্ৰ গীত, নৃত্য, নাট্য,কাব্য ৰচনা কৰি শঙ্কৰদেৱে মৌলিক অৱদানেৰে ভাৰতীয় সংস্কৃতিত এক ধাৰাৰ সৃষ্টি কৰিলে। শঙ্কৰদেৱে সৃষ্টি কৰা বাবে ইয়াক শঙ্কৰদেৱ সংস্কৃতি বা শঙ্কৰী সংস্কৃতি বোলা হয়।
