জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
শঙ্কৰদেৱ (১৪৪৯-১৫৬৮ খ্ৰীষ্টাব্দ)ৰ পিছত ভাৰতীয় সংস্কৃতিক অপমৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ গৌৱালিয়ৰৰ ৰজা মানসিং তোমাৰৰ নেতৃত্বত গায়ক তানসেন (১৫০৬-১৫৮৯ খ্ৰীষ্টাব্দত) বৈজু, বখ্শূ, ৰামদাস, দিৰঙ্গ খাঁ আদিয়ে ধ্ৰুবপদ ৰচনা কৰিছিল। আকৌ কণাটকী পদ্ধতিৰ ধ্ৰুৱপদ সৃষ্টি কৰে ৰামামাত্যই (জন্ম ১৫৫০ খ্ৰীষ্টাব্দত)। তাৰ পিছত ভাটখাণ্ডে উনবিংশ শতিকাত হিন্দুস্তানী পদ্ধতিৰ গীত -নৃত্য-বাদ্য সৃষ্টি কৰে আৰু ইয়াক ভৰত নৃত্যম বা ভাৰত নাট্যম বুলি জনা যায়। শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱন আৰু কৰ্ম সম্বন্ধে গুৰু জনাৰ জীৱনৰ কালতেই অৰ্থাৎ পোন্ধৰ শতিকাৰ পৰাই গুৰু চৰিত ৰচনা কাৰ্য্য আৰম্ভ হৈছিল। ৰামচৰণ ঠাকুৰ, দৈত্যাৰি ঠাকুৰ, ৰামানন্দ, ভূষন দ্বিজ, চক্ৰপানি ঘৈৰাগী আদিয়ে ‘গুৰুচৰিত’ ৰচনা কৰিছিল। তাৰপিছত উনবিংশ- বিংশ-একবিংশ শতিকাত গুৰুচৰিত সমূহৰ গৱেষণাৰ জৰিয়তে দীননাথ বেজবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ডঃ মহেশ্বৰ নেওগ আৰু অন্য গৱেষক পণ্ডিত সকলে একত্ৰিত কৰিছিলে।
ডঃ সঞ্জীৱ কুমাৰ বৰকাকতিদেৱে তেওঁৰ গৱেষণামূলক প্ৰৱন্ধত উল্লেখ কৰিছে যে – “Like his dances, srimanta Sankardeva’s songs also were original creations. His songs launched a whole new school of Classical Music in India. This School is different from both the Hindustani and Carnatic Schools.” (Dr. Sanjeev Kumar Borkakoty, in his Research Article Originality of Sreemanta Sankardeva’s Contribution”, Aakaashee Gangaa 2006 AD) গতিকে ওপৰোক্ত বিশ্লেষণে প্ৰমাণ কৰে যে জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ হ’ল ব্যৱহাৰিক ৰূপত ভাৰতীয় সংস্কৃতিৰ মূলধাৰাৰ প্ৰতিষ্ঠাতা। শাস্ত্ৰ সন্মতভাৱে এক ঈশ্বৰবাদ প্ৰতিষ্ঠা আৰু প্ৰাণী কল্যাণ তত্ত্ব প্ৰতিষ্ঠাই হ’ল তেৰাৰ মূল সিদ্ধান্ত আৰু সেয়েহে তেৰাৰ সৃষ্টি ৰচনা আৰু কৰ্মজীৱনে শ্ৰীমন্ত শঙ্কৰদেৱক জগত গুৰু হিচাপে প্ৰতিষ্ঠা কৰিলে। সেয়েহে শ্ৰীমন্ত শঙ্কৰদেৱ এক শৰণ হৰি নাম ধৰ্ম আৰু ভাৰতীয় সংস্কৃতিৰ গুৰুৰূপে সৰ্বজন বিদিত।
বৈকুণ্ঠ প্ৰয়াণ –
জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে নৰলীলা সমাপ্ত কৰি বৈকুণ্ঠগামী হয় ১৪৯০ শকাব্দৰ ভাদ্ৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত আৰু ইংৰাজী বৰ্ষমতে
