জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
(A) বৈজ্ঞানিক ঈশ্বৰবাদ
(1) জীৱৰ সৃষ্টি তত্ত্ব,
(a) মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত ।
উদ্ধাৰিলা বেদ প্ৰভূ প্ৰলয় জলত ।। (2)
(শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত,কীৰ্ত্তন ঘোষা)
(2) পৃথিৱীৰ সৃষ্টি,
তামসত হন্তে শব্দ গুণৰ প্ৰকাশ ।
শৱদৰো পুত্ৰ ভৈলা নামত আকাশ ।।
আকাশত হন্তে পৰশৰ উতপতি ।
পৃথিৱীৰ গেছীয় অৱস্থা
পৰশৰ পুত্ৰ ভৈলা বায়ু মহামতি ।।
বায়ু হন্তে ৰূপ নামে পুত্ৰ অৱতাৰ ।
ৰূপৰ তনয় ভৈলা অগ্নি চমকাৰ । 54
অগনিৰ পুত্ৰ ভৈলা ৰস মহামতি ।
ৰস গুণ হন্তে পাছে জল উতপতি ।।55
পৃথিৱীৰ তৰল অৱস্থা
জলে উতপতি ভৈলা গন্ধ গুণ নাম ।
গন্ধ গুণ হন্তে বসুমতী অনুপাম ।।56
পৃথিৱীৰ কঠিন অৱস্থা
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ তৃতীয় স্কন্ধ, অনাদিপাতন)
(3) মহৎ শক্তি তত্ত্ব,
(a) নাহি ক্ষয় বৃদ্ধি যিটো জন্ম মৃত্যু হীন ।
সমস্ততে সাক্ষী ৰূপে আছা উদাসীন ।। (191)
(শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, নিমি নৱসিদ্ধ সংবাদ)
