জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


(b)

পৰমাত্মা হৰি বিজ্ঞান মূৰুতি
নিৰাকাৰ নিৰাময় ।
নিত্য নিৰঞ্জন আনন্দ স্বৰূপ
দেহ ইন্দ্ৰ নাহিকয় ।।

(শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত ভক্তি ৰত্নাকৰৰ অসমীয়া অনুবাদ)
(4) মানৱ দেহ তত্ত্ব,

দেহৰ মহিমা আৱে শুনিয়ো বেকতে ।
ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰতে ।।
সমস্তে চৌবিশ তত্ত্ব কৰিলা নিৰ্ম্মাণ ।
আপুনাৰ ছৱান্নবৈ অঙ্গুল প্ৰমাণ । (201)
পিঠিৰ মধ্যত মেৰু মণ্ডল প্ৰকাশ ।
উৰ্দ্ধে সূৰ্য্য অধে চন্দ্ৰ বায়ুৰ নিবাস ।।
ষোল্ল ষোল্ল গোটা অস্থি পঞ্জৰত তাৰ ।
অধে উৰ্দ্ধে আছে তাৰ নৱখান দ্বাৰ ।। (202)
দুই কাণ দুই নাক দুই চক্ষু দেখা ।
মুখে এৰে উপৰত সাত খান লেখা ।।
অধে গুহ্য লিঙ্গ এহি নৱখান দ্বাৰ ।
আছৈ আৰো নাড়ী তাতে সত্তৰি হাজাৰ । (203)
তাহাতে সঞ্চৰি ফুৰৈ প্ৰাণ বায়ু দশ ।
নখ কেশ পৰ্য্যন্তে চলাৱে অন্ন ৰস ।।
পৰম তৃপিতি হোৱৈ ইন্দ্ৰিয় সকল ।
বাঢ়ি যাই শৰীৰত আতি তেজ বল।। (204)
নাড়ীৰ মধ্যত তিনি নাড়ী অনুপাম ।
সুষুমা পিঙ্গলা ইড়া নাড়ী যাৰ নাম ।।
সুষুম্না উত্তম আতি তিনিৰো মধ্যত ।
যিটো ব্যাপি আছৈ গৈয়া সূৰ্য্য মণ্ডলত ।। (205)
ছয়খান চক্ৰ আছৈ বেঢ়ি শৰীৰত ।