জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


গুহ্য লিঙ্গ নাভি হৃদি তালু ললাটত ।।
চাৰি দল ছয় দল নাভি দশ দল ।
আছৈ অষ্টাদশ পদ্ম হৃদয় নিৰ্ম্মল ।। (206)
তালুত ষোড়শ ললাটত দল দুই ।
যোগশাস্ত্ৰ মতে ছয় চক্ৰ এহি হুই ।।
আপুনি ঈশ্বৰ আছা হৃদয় কমলে ।
শুভাশুভ ভুঞ্জান্ত জীৱক কৰ্ম্মফলে ।। (207)
শুনিয়োক আৱে মধ্য দেহ যিটো স্থান ।
শৰীৰত বিচাৰিয়া লৈয়োক প্ৰমাণ ।।
গুহ্য স্থান হন্তে দুই আঙ্গুল উপৰে ।
অণ্ডকোষ হন্তে দুই আঙ্গুলত পৰে ।। (208)
তাকে বুলি দেহ মধ্য অগ্নিৰ নিৱাস ।
তপ্ত জম্বু নদী যেন সোণাৰ প্ৰকাশ ।।
কোন কোন দশ বায়ু আছে শৰীৰত ।
তাহাৰ শুনিয়ো নাম কৰিবো বেকত ।। (209)
অধে উৰ্ধে সঞ্চৰিয়া ফুৰে স্থানে স্থান ।
পান অপান ব্যান সমান উদান ।।
নাগ কুৰ্ম্ম কৃকৰ বায়ুত অনুপাম ।
দেৱদত্ত ধনঞ্জয় এহি দশ নাম ।। (210)
সুষুম্না আছয় মেৰু মজ্বাৰ ভিতৰ ।
যাত বায়ু পশিলে অজৰ হোৱে নৰ ।।
তাহাৰ মুখত ঢাকি আছে কূণ্ডলিনী ।
মায়াৰ শকতি যেন দেখিয়া সৰ্পিনী । (211)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ তৃতীয় স্কন্ধ, অনাদি পাতন)

(5) জীৱ দেহ সৃষ্টিৰ চৌবিশ তত্ত্ব,
গন্ধ গুণ পৰশ শৱদ ৰূপ ৰস ।
এঘাৰ ইন্দ্ৰিয় সমে বিকাৰ ষোড়শ ।। (75) (অৰ্দ্ধযতি)