জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
পঞ্চভূত প্ৰকৃতি মহত্ব অহঙ্কাৰ ।
চৌবিশ তত্ত্বৰ কথা কৰিবো প্ৰচাৰ ।।
এহি ক্ৰমে স্ৰজিলা চৌবিশ মহা তত্ত্ব ।
‘ব্ৰহ্মাণ্ড স্ৰÚজিতে কেহো নুহিকে শকত ।।(76)
কৃষ্ণক কৰিলা স্তুতি পাছে তত্ত্বগণ ।
জীৱৰূপে সৱাতো পশিলা নাৰায়ণ ।।
জগতৰ কাৰণ চৌবিশ মহা তত্ত্ব ।
ঈশ্বৰৰ ইচ্ছায়ে সৱে ভৈলা একমত ।। (77)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ তৃতীয় স্কন্ধ, অনাদি পাতন)
