জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


দ্বিতীয় অধ্যায়

1 ঈশ্বৰ কৃষ্ণৰ ভিন্ন নাম ঃব্ৰহ্ম, নাৰায়ণ, ভগৱন্ত, পৰমাত্মা

a) সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ ।
যাত পৰে পৰম ঈশ্বৰ নাহি কেৱ ।। (178)
জাগন স্বপন যিটো নিৰ্ভৰ নিদ্ৰাত ।
সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাত ।।
সচেতন কৰাই দেহ প্ৰাণ ইন্দ্ৰিয়ক ।
জীৱক ভুঞ্জান্ত নানা বিধ বিষয়ক ।। (179)
পৰমাত্মা বুলি তাক কহে মুনিগণ ।
তেহেন্তে পৰম তত্ত্ব জানিবা ৰাজন।।
হৰি হৰ বিধি যাৰ থাকে আজ্ঞা ধৰি ।
ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে মহা হৰি ।। (180)
তাঙ্কে নাৰায়ণ বুলি জানিবা নৃপতি ।
তাহানেসে চৰণ সেৱায়ে সাধে গতি ।।
প্ৰৱৰ্ত্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক ।
পৰমাত্মা তেখনে বুলিয় মাধৱক ।। (181)
সমাধিত বেকত হোৱন্তে গুছে ভ্ৰম ।
বুলিয় তেখনে জানা মাধৱক ব্ৰহ্ম ।।
কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত ।
বুলিয় তেখনে মাধৱক ভগৱন্ত ।। (182)
বèহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব ।
একৰেসে তিনি নাম লক্ষণ ভেদত ।। (183)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ একাদশ স্কন্ধ, নিমিনৱসিদ্ধ সংবাদ)