জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


২) দেৱকী নন্দন শ্ৰীকৃষ্ণ ঃ পূৰ্ণব্ৰহ্ম “কৃষ্ণ”
a) হেন দেখি লগে লৈয়া সহায় অনন্ত ।
দেৱকীত জন্মিব আপুনি ভগৱন্ত ।।
সি কাৰণে লগে লৈয়া দেৱ সঙ্কৰ্ষন ।
যদুকুলে জন্মিৱন্ত প্ৰভূ নাৰায়ণ ।। (310)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ একাদশ স্কন্ধ, নিমিনৱসিদ্ধ সংৱাদ)
b) চাৰি বেদ চৌদ্ধ শাস্ত্ৰে কৃষ্ণকে কহয় ।
কৃষ্ণৰেসে অংশ সৱে জগত নিশ্চয় ।। (76)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ দ্বিতীয় স্কন্ধ, ব্ৰহ্মা নাৰদ সংৱাদ)
৩) ঈশ্বৰৰ স্বৰূপ ঃ
a) সেহিসে ঈশ্বৰ যাৰ বশ্য মায়া
পৰম আনন্দ ময় ।
যাক মায়া মৰ্দ্দে তাকে বুলি জীৱ
দুঃখতে তাৰ উদয় ।। (746)
(শ্ৰীমন্ত শংকৰদেৱ কৃত সংস্কৃত ভক্তি ৰত্নাকৰৰ অসমীয়া অনুৱাদ)
৪) দেৱ-দেৱী সমাজৰ শ্ৰীকৃষ্ণত শৰণ ঃ

a) নম্ৰ ভাৱে কৰি কৃতাঞ্জলি জানুপাৰি।
আৰম্ভিলা মহা তুতি ব্ৰহ্মা ত্ৰিপুৰাৰি।। (70)
…………………………………………..
যিটো জগতৰে অন্তৰ্য্যামী ব্ৰহ্মময়।
দেখো বিদ্যমানে কিনো ভৈলা ভাগ্যোদয় ।। (71)
……………………………………………
এতেকে জগতে চিন্তে তোমাৰ চৰণ ।
প্ৰণামো পৰম মহেশ্বৰ নাৰায়ণ ।। (72)