জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
তৃতীয় অধ্যায়
১) অদ্বৈতবাদ ঃ
a)
নমো ভগৱন্ত সততে কৰন্ত
যিটো ভকতক দায়া ।
সৃষ্টি স্থিতি লয় কৰন্তে আছয়
কটাক্ষে যাহাৰ মায়া । (1).
যত অৱতাৰ বিভূতি যাহাৰ
যাৰ মহাহৰি নাম ।
হেনয় ঈশ্বৰ কৃষ্ণক কৰোহো
সহস্ৰ কোটি প্ৰণাম । (2)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান)
b) কৃষ্ণসে ঈশ্বৰ চৰাচৰ জগতৰ।
যাৰ আজ্ঞা পালি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।।
সৃষ্টি স্থিতি প্ৰলয় কৰন্ত ভিন্নে ভিন্নে ।
অনাদি অনন্ত কোন আছৈ তান্ত বিনে ।। (321)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান)
২) ঈশ্বৰ কৃষ্ণৰ অমৃত বাণী
(a) আত্মজ্ঞানী গনো হোৱৈ মায়ায়ে মোহিত ।
জানি মোৰ সেৱাত একান্তে দিয়া চিত্ত ।।
নকৰিবা সেৱা সখি আন দেৱতাৰ ।
নুহি যেন আহ্মাৰ ভকতি ব্যভিচাৰ ।। (251)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, উদ্ধৱ সংবাদ)
(b) হেন মোক বিচাৰিবে সাধুৰ সঙ্গত ।
জ্ঞান বিজ্ঞান তেবে হৈবেক বেকত ।। (231)
শ্ৰৱন-কীৰ্ত্তন মোৰ ৰহস্য ভকতি ।
