জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
আকেসে কৰিবা মাত্ৰ বিৱক্ষা সম্প্ৰতি । (232)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দ্বিতীয় স্কন্ধ)
৩) কৃষ্ণত একশৰণ
a) সৰ্বধৰ্ম এড়ি এক শৰণ সাক্ষাত ।
সূদৃঢ় বিশ্বাসে সখি লয়োক আহ্মাত। (190)
নকৰিবা ভয় হেৰা কৰো অঙ্গীকাৰ ।
সমস্তে পাপতে মই কৰিবো নিস্তাৰ । (191)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ)
(b) সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰিয়া আনি ।
দেখাইলা বিদিত কৰি দেৱ চক্ৰপানি।।
যিটো শাস্ত্ৰ কহিলন্ত দেৱকী তনয় ।
সেহি মাত্ৰ শাস্ত্ৰ এক জানিবা নিশ্চয় ।।
দেৱকীৰ পুত্ৰ এক কৃষ্ণ মাত্ৰ দেৱ ।
ধৰ্ম এক মাত্ৰ সেই দেৱতাৰ সেৱ।।
মন্ত্ৰ এক তান নামে কৃষ্ণ দেৱতাৰ ।
ভগৱন্তে ইটো কৰিলন্ত সাৰোদ্ধাৰ ।
(শ্ৰীমন্ত শংকৰদেৱ কৃত ভক্তি ৰত্নাকৰ)
৪) একশৰণ হৰি নাম ধৰ্ম ঃ
aগ্গ বুজিবা শাস্ত্ৰৰ মজ্জা কৃষ্ণেসে দেৱৰ ৰাজা
হৰিনাম ধৰ্মৰ ঈশ্বৰ।
যত তপ তীৰ্থ স্নান যাগ যোগ মহা জ্ঞান
জানা সৱে নামৰ কিঙ্কৰ ।। (423)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান)
b) নাম লৈলে মাধৱে নেড়ন্ত তাৰ কাছ ।
