জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
যেন ধেনু স্নেহত বৎসৰ নেৰে পাছ ।।
নাম ধৰ্ম হেনসে হৰিক কৰৈ বশ্য ।
নামৰ মহিমা ইটো বেদৰ ৰহস্য ।। (176)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান)
c) চাৰিবেদ চৌদ্ধ শাস্ত্ৰ সবাৰো এহিসে তত্ব
মুখ্য ধৰ্ম হৰিগুণ নাম ।
হেন তত্ত্ব কথা জানি সমজ্যাৰ যত প্ৰাণী
ডাকি সবে বোলা ৰাম ৰাম ।।(130)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দশম স্কন্ধ, আদি ভাগ)
d) পৰম বান্ধৱ হৰিৰ নাম ।
যিজনে আক লৱৈ অৱিশ্ৰাম ।।
তাৰ সাত কাৰ্য্য সাধিবে দেখা ।
প্ৰতি প্ৰতি লোৱা সাতৰো লেখা।। (64)
প্ৰথমে দহিবে পাতক চয় ।
কৰিবে মহা পূণ্য অভুদ্যয় ।।
কৰাইবে বিষয়ত বিৰকতি ।
কৃষ্ণত পোৱাইবে প্ৰেম ভকতি।। (65)
উপজাইবে আতি বৈষ্ণৱ জ্ঞান ।
মায়াকো দহিয়া কৰৈ নিৰ্য্যাণ ।।
চৈতন্য মূৰ্ত্তি পূৰ্ণানন্দ হৰি ।
থৈৱন্ত তেন্তে এৰে এক কৰি ।। (66)
তেৱেসে নাম হৈব উপশান্ত ।
কহিলো পৰম তত্ত্ব একান্ত ।। (67)
(শ্ৰীমন্ত শংকৰদেৱ কৃত কীৰ্ত্তন ঘোষা ঃ নাম অপৰাধ)
৫) একশৰণ হৰি নাম ধৰ্মৰ চাৰি তত্ত্ব
