জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


(i)গুৰু
a) শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনায় নাই নাই নাই
আমাৰ পৰম গুৰু।। (375)
(নাম ঘোষা ঃ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱ)
b) শ্ৰীমন্ত শঙ্কৰে পাছে কহিলা সাদৰি ।
শ্ৰৱণ-কীৰ্ত্তন মাত্ৰ জানা নিষ্ঠ কৰি ।।
বুলিলা আকেসে গুৰু শঙ্কৰে আমাক ।
আত কৰি সুগম নাহিকে ধৰিবাক।।
(মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ উক্তি ঃ শ্ৰীশ্ৰী বংশীগোপাল চৰিতত বৰ্ণিত)
(ii) দেৱ
aগ্গ চাৰি বেদ চৌদ্ধ শাস্ত্ৰে কৃষ্ণকে কহয় ।
কৃষ্ণৰেসে অংশ সৱে জগত নিশ্চয় । (76)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ দ্বিতীয় স্কন্ধ, ব্ৰহ্মা নাৰদ সংৱাদ)
b) ধৰ্ম্মিষ্ঠ বলিষ্ঠ ধনুৰ্দ্ধৰ কিছু নুই ।
যেহি কৰে ঈশ্বৰে সেহিসে সত্য হুই ।।
ঈশ্বৰ চেষ্টাক জানে কমন মহন্তে ।
ব্ৰহ্মা হৰো মোহ যায় যাক বিচাৰন্তে ।। (143)
চিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙ্গুলি ।
এহেন্তে ঈশ্বৰ কৃষ্ণ কালো আঙ্ক বুলি ।
সম্প্ৰতি আছন্ত হুয়া দেৱকী তনয় ।
আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয় ।। (144)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ প্ৰথম স্কন্ধ, ভীষ্ম মোক্ষ উৎসৱ কথন)
(iii) নাম ঃ