জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

সোতৰ বছৰ বয়স পৰ্য্যন্ত –
জগত গুৰু শঙ্কৰদেৱৰ আৱিৰ্ভাৱ হৈছিল ১৩৭১ৰ শকাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত আৰু ইংৰাজী বৰ্ষমতে ১৪৪৯ খ্ৰীষ্টাব্দত। মাতৃ সত্যসন্ধা আৰু পিতৃ কুসুম্বৰ শিৰোমণি ভূঞা। জন্মস্থান ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ নগাওঁ জিলাৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰীত।
জন্মৰ পিছত শ্ৰীমন্ত শঙ্কৰদেৱ সম্বন্ধে সিন্ধিৰাম জ্যোতিষ সিদ্ধান্তই (সণ্ঢৰা দলৈ বুলি জনাজাত)
ভৱিষ্যত বাণী কৰিছিল এইদৰে—


“ভাগৱত গ্ৰন্থ পদৱন্ধে নিবন্ধিব।
ভাষ্য পয়াৰাদি শাস্ত্ৰ বিস্তৰ কৰিব।।
ভঙ্গাইব পণ্ডিতগণ কৰি বাদ ব্যাখ্যা।
ভকতি ধৰ্মক আৰো কৰিবন্ত ৰক্ষা।।
সণ্ঢৰায়ে বোলো শুনা কহিবো স্বৰূপে ।
তোমাৰ গৃহক হৰি আইলা নিজ ৰূপে।।”


অৰ্থাৎ সণ্ঢৰায়ে ঘোষনা কৰিলে যে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই অৱতাৰ গ্ৰহণ কৰিলে। নাম ৰাখিলে শ্ৰীশঙ্কৰ। এইদৰে শ্ৰীশঙ্কৰৰূপে সমাজত বিদিত হ’ল। শ্ৰীশঙ্কৰৰ জন্মৰ পোন্ধৰ দিৱসত মাতৃ বিয়োগ ঘটে। পিতৃ-মাতৃহাৰা শিশু শ্ৰীশঙ্কৰক লালন পালন কৰিলে বুঢ়ীআই অৰ্থাৎ আইতাক খেৰসুতী আৰু ঘৰৰ আলপৈচান ধৰা চন্দৰী আইএ। এঘাৰ বছৰ পৰ্য্যন্ত খেল ধেমালী কৰি পাৰ কৰিলে। তেতিয়া আইতাক খেৰসুতী চিন্তাত পৰিল আৰু বাৰ বছৰ বয়সত এদিন শ্ৰীশঙ্কৰক মহেন্দ্ৰ কন্দলিৰ টোলত নাম ভৰ্ত্তি কৰাই দিলে।
পৰম্পৰা মানি চলা শিক্ষা গুৰু মহেন্দ্ৰ কন্দলিয়ে শ্ৰীশঙ্কৰক পৰামৰ্শ দিলে এই বুলি-


“মাস মুগ আদি কৰি নৈবেদ্য সম্ভাৰ।
দেৱী পুজিবাক জানা লাগয় তোমাৰ।।”
শ্ৰীশঙ্কৰে সাউকৈ উত্তৰ দিলে এই বুলি-