জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
a) যিটো জনে কৰে কৃষ্ণৰ শ্ৰৱণ
কৃষ্ণৰ কৰি কীৰ্ত্তন।
তাহাৰ চিত্তত হোৱন্ত প্ৰৱেশ
ভগৱন্ত নাৰায়ণ।। (521)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ দ্বাদশ স্কন্ধ, ভাগৱতৰ তাপৰ্য্য)
b) অনাদৰি আন ধৰ্ম্ম মাধৱৰ জন্ম কৰ্ম্ম
শুনিয়োক মহন্তৰ মুখে ।
জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম
লাজ এৰি গাইবে মহা সুখে।। (62)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, নিমি নৱ সিদ্ধ সংৱাদ)
c) বোলন্ত শুকে কিনো ভৈল খেদ ।
পাষণ্ডে কৰিবে বুদ্ধিক ভেদ ।।
কলিত হৰিৰ কীৰ্ত্তন এৰি ।
ফুৰিবে লোকে আন কৰ্ম্ম কৰি ।। (140)
পাইবেক শ্ৰম তপ ব্ৰত কৰি ।
একান্তে যিটো নুসুমৰৈ হৰি ।।
জ্ঞানতো কৰ্ম্মতো কৰিয়া নৰ ।
হৰি কীৰ্ত্তনত কৰা আদৰ ।। (141)
(শ্ৰীমন্ত শংকৰদেৱ কৃত কীৰ্ত্তন ঘোষা ঃ পাষণ্ড মৰ্দ্দন)
iv) ভকত ঃ
a) দেৱতো তীৰ্থতো কৰি ভকতেসে বৰ ।
ভকতক ভজিলে গুচয় কৰ্ম্মজৰ ।। (181)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, উদ্ধৱ সংৱাদ)
b) মই এৰে ভকতৰ নাহিকে অন্তৰ ।
