জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


চতুৰ্থ অধ্যায়


(A) ভক্তি যোগ ঃ
(1) শ্ৰৱণ কীৰ্ত্তন
a)শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিষ্ণুৰ
অচ্ৰ্চন পদ সেৱন ।
দাস্য সখিত্ব বন্দন বিষ্ণুত
কৰিব দেহা অৰ্পন।।
নৱবিধ ভক্তি বিষ্ণুত আচৰৈ
সেহিসে পাঠ উত্তম ।। (340)

b) যদ্যপি ভকতি নৱবিধ মাধৱৰ । শ্ৰৱণ কীৰ্ত্তন তাতো মহা শ্ৰেষ্ঠতৰ । (34) (শ্ৰীমদ্‌তাগৱতঃ প্ৰথম স্কন্ধ)

b) মনুষ্য লোকত এহিমানে মাত্ৰ
পৰম ধৰ্ম সম্প্ৰতি ।
শ্ৰৱণ কীৰ্তন কৰিয়া নামক
কৃষ্ণত কৰা ভকতি ।। (351)
ইহাৰ প্ৰমাণ নুসুধিবি দূত
এহি সত্য বেদ বাণী ।
যাতনা তাপত মৰৈ প্ৰাণী যত
এহিটো ধৰ্ম নজানি।। (352)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান, যম-যমদূত সংৱাদ)
2) ভকতি উত্তম ঃ
a) জ্ঞানৰ পথত নাহিকে সহায়
কৰ্ম্মত বিঘ্নিৰ ভয় ।
ভকতি পথত ঈশ্বৰ ৰক্ষক