জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
জানিবা ৰাজা নিশ্চয়।। (78)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপধখ্যান)
b) জ্ঞানী কৰ্ম্মীজনে নজানে নামক
ভকতৰ নৱ নিধি।
পৰম ঈশ্বৰ আছন্তোক কৃষ্ণ
নামতে সমস্তে সিদ্ধি।। (291)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপধখ্যান)
c) মঞি বিনে বেদে কিছো আন নবখানে ।
সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে।।
মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি ।
পাচে জানিলন্ত বেদ সৱ সপ্ত ঋষি ।। (148)
তাত পাচে পাইলে সুৰাসুৰ সিদ্ধ নাগ ।
অনন্তৰে বেদক মনুষ্যে পাইলে লাগ ।।
যাৰ যেন মতি কৰৈ বেদক ব্যাখ্যান ।
নিজ অৰ্থ ভকতিক তেজি বুজৈ আন ।। (149)
কেহো বোলে বেদে কৱৈ যজ্ঞ ব্ৰত দানে ।
কেহো বোলে ক্ষুদ্ৰদেৱ পূজা তীৰ্থ স্নানে ।।
কেহো বোলে বেদে কৱৈ জ্ঞানতেসে গতি ।
গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি ।। (150)
কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ ।
কৰৈ কুলধৰ্ম্ম পূৰ্ব্ব পুৰুষ আচাৰ ।।
তাকো এড়ি লৱৈ কতো পাষণ্ডৰ মতি ।
যাই মোক নপায়া অধম অধোগতি।। (151)
নছাৰৈ কৰ্ম্মীক শোকে দুখে ৰাতি দিনে ।
জ্ঞানতো নাহিকৈ গতি ভকতি বিহীনে
