জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
আনে নজানয় ইটো বেদৰ বিচাৰ ।
এতেকে ভকতি পন্থ সন্মত আহ্মাৰ ।। (152)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ)
3) নালাগে মুকুতি, মাগোহো ভকতি ঃ
a) মুকুতিত কৰি যেন ভকতি গৰিষ্ঠ অতি
কহোঁ শুনা সাৱধান মনে ।
সাযুজ্য মোক্ষকে মোৰ নবাঞ্চয় কদাচিত
আহ্মাৰ একান্ত ভক্ত গণে । 481)
(শ্ৰীমন্ত শংকৰদেৱ কৃত সংস্কৃত ভক্তি ৰত্নাকৰৰ অসমীয়া অনুবাদ)
b) তুমিসে কেৱলে সত্য মিছা সৱে আন ।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান ।।
নমাগোহো সুখভোগ নলাগে মুকুতি ।
তোহ্মাৰ চৰণে মাত্ৰ থাকোক ভকতি ।। (522)
(কীৰ্তন ঘোষা ঃ হৰমোহন, কৃষ্ণৰ প্ৰতি শিৱৰ উক্তি)
4) গৃহবাসে থাকি হৰি দৰ্শন ঃ
a) কৃষ্ণ কথা শুনা সৰ্ব্বজনে ।
উদ্ধাৰিবে কৃষ্ণৰ কীৰ্ত্তনে ।।
মোক্ষ পাইবা গৃহবাসে থাকি ।
জানি হৰি হৰি বোলা ডাকি ।। (1854)
(কীৰ্ত্তন ঘোষা ঃ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান)
b)গৃহতে থাকিয়া হৰিক স্মৰিয়া
