জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
মোক্ষ সাধা হৰি নামে।। (214)
(কীৰ্ত্তন ঘোষা ঃ অজামিল উপ্যাখ্যান)
5) প্ৰেম ভকতি ঃ
a) প্ৰেম ভকতিৰ চিহ্ন শুনিয়ো উদ্ধৱ ।
হৰি হৰি বোলন্তে লোতক যাৰ ম্ৰৱে ।।
মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত ।
জানা তাৰ পৰম পৱিত্ৰ ভৈল চিত্ত । (166)
প্ৰেমে দ্ৰৱৈ চিত্ত আতি গদ্গদ বাণী ।
কতো হাসৈ কতো কান্দৈ মোক প্ৰিয় মানি।।
লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে ।
জগত পৱিত্ৰ কৰৈ সেহিসে ভকতে ।। (167)
(শ্ৰীমদ্ভাগৱতঃ একাদশ স্কন্ধ, উদ্ধৱ সংৱাদ)
6) অব্যভিচাৰী ভক্তি
a) আত্মজ্ঞানী গণো হোৱৈ মায়ায়ে মোহিত ।
জানি মোৰ সেৱাত একান্তে দিয়া চিত্ত ।।
নকৰিবা সেৱা সখি আন দেৱতাৰ ।
নুহি যেন আহ্মাৰ ভকতি ব্যভিচাৰ ।। (251)
(শ্ৰীমদ্ভাগৱতঃ একাদশ স্কন্ধ, উদ্ধৱ সংৱাদ)
7) নিৰ্গুণ ভকতি ঃ
a) যজ্ঞ দান ব্ৰত সৱে গুণময়
ভকতি মোৰ নিৰ্গুণ ।
জানিয়া আদ্মাক স্মৰিয়ো সদায়ে
সুহৃদ সখি অৰ্জুন।। (301)
(শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ভক্তি প্ৰদীপ)
পঞ্চম অধ্যায়
A)জ্ঞান যোগ ঃ
