জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
a) ভক্তি হীন জ্ঞান-যোগ যি জনে আচৰে ।
নাহি একো ফলমাত্ৰ দুঃখ কৰি মৰে ।।
স্বৰ্গকো নপাৱে মাত্ৰ জ্ঞান-যোগ বলে ।
যেন কাষ্ঠ পতানক বাহানে নিস্ফলে ।।
মৎস আশা কৰে যেন বৃষ্টিৰ জলত ।
শুধা জ্ঞান-যোগ জানা সখি সেহি মত ।। (19-20)
(শ্ৰীমন্ত শংকৰদেৱ কৃত ভক্তি প্ৰদীপ ঃ ভগৱন্ত কৃষ্ণৰ অৰ্জুনৰ প্ৰতি উক্তি)
b)জ্ঞানে গতি কৱৈ বেদ লৱা তাৰ পৰিচ্ছেদ
আছৈ জ্ঞান ভকতিৰ মাজে ।
ভকতি কৰন্তে জানা আপুনি উপজৈ জ্ঞান
যোগ চিন্তি মৰৈ মিছা কাজে।। (200)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ একাদশ স্কন্ধ, উদ্ধৱ সংৱাদ)
c) মুকুতি ৰসকো স্ৰৱৈ তোহ্মাৰ ভকতি ।
তাঙ্ক এড়ি জ্ঞানপথে যিটো কৰৈ ৰতি ।।
ক্লেশ মাত্ৰ পাৱৈ সিটো নিস্ফল প্ৰয়াসে ।
বাহানে পতান যেন তণ্ডুলক আশে ।। (745)
(কীৰ্ত্তন ঘোষা ঃ শিশু লীলা, ব্ৰহ্মাই শ্ৰীকৃষ্ণক স্তুতি কৰিছে)
