জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
ষষ্ঠ অধ্যায়
(A) কৰ্ম্ম যোগ
(1) মূৰ্ত্তি পূজা নিষেধ, মুণি দূজন নিমঘ,
a) তীৰ্থ বুলি কৰৈ জলত শুদ্ধি ।
প্ৰতিমাত কৰৈ দেৱতা বুদ্ধি ।।
বৈষ্ণৱত নাই ইসৱ মতি ।
গৰুতো অধম কৃষ্ণ বদতি ।। (132)
(কীৰ্ত্তন ঘোষা ঃ পাষণ্ড মৰ্দ্দন।
2) বলি বিধান নিষেধ ঃ
a) ঘৰ পোষা পশু যিটো কৰে বলি দান ।
পৰম অজ্ঞানী সিটো ৰাক্ষস সমান ।। (58)
(শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান)
b) নমাৰিবে পশুক এড়িবে মাংস আশা ।
দেৱকো উদ্দেশি পশু নকৰিবে হিংসা । (351)
(শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, নিমি নৱ সিদ্ধ সংবাদ)
c) নাৰদ বদতি শুনা মহামুনি ব্যাস ।
তুমিসে কৰিলা সৱে জগতকে নাশ ।।
নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ ।
নাহি মন্দ কৰ্ম্ম আৰ ইহাৰ সমান ।। (32)
আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম্ম ।
নুবুজিলা তুমিয়ো বেদৰ তত্ত্ব মৰ্ম্ম ।।
গৰিহিত কৰ্ম্মকো কহিলা ধৰ্ম্ম বুলি ।
