জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
তোহ্মাৰ বচনে লোক নাশিল সমূলি ।। (33)
স্বভাৱে লম্পট বিষয়ত অনুৰাগ ।
স্বৰ্গ পাইবো বুলি ৰঙ্গে কাটৈ হংস ছাগ।।
কৰৈ নানা হিংসা ধৰ্ম্ম নানা দেৱ পূজৈ ।
পূণ্যক্ষয় ভৈলে দুনাই নৰকত মজৈ ।। (34)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ প্ৰথম স্কন্ধ, ব্যাস-নাৰদ সংবাদ)
3) দক্ষিণা ঃ
a) ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ ।.
তাকেসে দক্ষিণা বুলি নাহিকে সন্দেহ ।। (220)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, উদ্ধৱ সংবাদ)
4) অজ্ঞানীৰ বাবে কৰ্ম্মকাণ্ড ঃ
a) ৰাখিলন্ত কৰ্ম্মকাণ্ড অজ্ঞানীৰ পদে ।
কৰ্ম্মীক নেড়িব ঘোৰ পৰম আপদে ।।
উপজি মৰিবে মহা ভুঞ্জিয়া নিকাৰ ।
কোটি কোটি কল্পে নাহি কৰ্ম্মীৰ নিস্তাৰ।। (388)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান)
প্ত) প্ৰায়শ্চিত্ত (চিত্ত শুদ্ধি)
a) তপ জপ তীৰ্থ ব্ৰত বিধিৰ কিঙ্কৰ ।
নামৰ কীৰ্ত্তন ইটো বিধিৰ ঈশ্বৰ ।।
নাহি কাল নিয়ম নামত একো বিধি ।
যেই সেই মতে লৈলে নামে কৰৈ শুদ্ধি । (182)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান, নাম মহিমা)
b) নামৰ মহিমা নজানি ঋষিয়ে
আন প্ৰায়শ্চিত্ত বিহৈ ।
