জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
মৃত সঞ্জীৱনী নজানিয়া বৈদ্যে
আন ঔষধক দিয়ৈ।। (202)
(শ্ৰীমদ্ভাগৱত ঃ ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান)
6) সৰ্বসিদ্ধি দাতা কৃষ্ণ-নাম ঃ
a) ভকতিসি নৱনিধি কৰিবেক সৰ্ব্বসিদ্ধি
আত অনুমাত্ৰ শঙ্কা নাই ।
জন্ম চিন্তামনি পাই আৰ আয়ু বৃথা যায়
কৃষ্ণক নেৰিবা সৰ্ব্বদায় । (173)
(শ্ৰীমদ্ভাগৱত ঃ দশম স্কন্ধ, কুৰুক্ষেত্ৰ যাত্ৰা)
