জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


“শঙ্কৰে বোলন্ত গুৰু শুনিয়ো বচন।
দেৱীত কৰিয়া শ্ৰেষ্ঠ দেৱ নাৰায়ণ।
দেৱী পূজিবাক হাস ছাগল লাগয়।
তুলসীৰ পূজাত কি দেব তুষ্ট হয়”


চাওক, কি আচৰিত! বৰ্ণমালাৰ সৈতেপৰিচয় নোহোৱা বাৰ বছৰীয়া শ্ৰীশঙ্কৰে সমস্ত শাস্ত্ৰৰ একমাত্ৰ সত্য কৃষ্ণস্তু ভগৱান স্বয়ম্‌’ৰ সিদ্ধান্ত জগতকে জনাই দিলে। কলিযুগৰ শ্ৰীশঙ্কৰৰ এই সিদ্ধান্তই আমাক দ্বাপৰ যুগৰ শ্ৰীকৃষ্ণই পোষ্য পিতৃ নন্দৰাজক দিয়া সিদ্ধান্তৰ কথা মনত পেলাই দিয়ে। নন্দৰজাই ইন্দ্ৰপূজা কৰিবলৈ বিচৰাত শ্ৰীকৃষ্ণই নন্দৰজাক কৈছিল-


“ললাটে লিখিত যিটো বিহিত সৱাৰে।
তাক কি আসিয়া ইন্দ্ৰে গুচাইবাক পাৰে।।
কৰ্ম্মেসে প্ৰৱৰ্ত্তৈ দেখা যত চৰাচৰ।
কৰ্ম্মৰ অধীন সৱে দেৱাসুৰ নৰ।।”


এইদৰে মহেন্দ্ৰ কন্দলিৰ টোলত শিক্ষা আৰম্ভ হ’ল আৰু বৰ্ণমালা শিকিয়ে ব্যঞ্জণবৰ্ণ যুক্ত বিৰল স্তুতি গীতি কাব্য ৰচনা কৰিলে শ্ৰীশঙ্কৰে-


কৰতল কমল কমলদল নয়ন।
ভৱদৱ দহন গহনবন শয়ন।।
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়।।
খৰতৰ বৰশৰ হতদশ বদন।
খগচৰ নগধৰ ফনধৰ শয়ন।।
জগদঘ মপহৰ ভৱ ভয় তৰণ।
পৰপদ লয় কৰ কমলজ নয়ন।।
ভকতৰ ভয়হৰ ভগৱন শৰণ।
শঙ্কৰ কহৰহ নমৰহ মৰণ।


ওপৰোক্ত স্তুতি গীতত শ্ৰীশঙ্কৰে অষ্ট কলাযুক্ত নাৰায়ণ,বাৰ কলাযুক্ত শ্ৰীৰাম আৰু ষোল্ল কলাযুক্ত (পূৰ্ণ কলাযুক্ত) পৰমব্ৰহ্ম শ্ৰীকৃষ্ণৰ লীলা