জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
সপ্তম অধ্যায়
A) অস্পৃশ্যতা ঃ
a) চণ্ডালে কৰিছে হৰি কীৰ্ত্তন।
বুলিয়া নিন্দৈ যিটো অজ্ঞজন।।
তাক সম্ভাষণ যিজনে কৰৈ।
আজন্মৰ পূণ্য তেখনে হৰৈ।। (44)
(শ্ৰীমন্ত শংকৰদেৱ কৃত কীৰ্ত্তন ঘোষা ঃ পাষণ্ড মৰ্দ্দন)
b) সিটো চণ্ডালক গৰিষ্ঠ মানি ।
যাৰ জিহ্বাগ্ৰে থাকে হৰি বাণী ।।
সমস্তে তীৰ্থতে কৰিল স্নান ।
কৰিল সৱ তপ হোম দান ।। (111) (কীৰ্ত্তন ঘোষা)
c) সেহিসে কুলীন বেদক বুজৈ ।
যাহাৰ মুখত হৰি নাম সিজৈ ।।
পৰম তত্ত্ব জানি দেৱহুতি । (কীৰ্ত্তন ঘোষা ঃ পাষণ্ড মৰ্দ্দন)
d) কৃষ্ণৰ ভকতি আতি নচাৱৈ আচাৰ জাতি
জগতৰে মহা হিতকৰ । (2452)
(শ্ৰীমদ্ভাগৱত দশম স্কন্ধ, আদি ভাগ)
