জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


অষ্টম অধ্যায়

A) নাৰীবাদ ঃ
1) নাৰীৰ গুণ ঃ
a) কৰ্ম সময়ত তোকে মন্ত্ৰী বুলি লেখি।
ৰঙ্গৰ বেলাত যেন তই প্ৰাণ সখী।।
স্নেহৰ প্ৰস্তাৱে তই মাতৃ যেন ঠান।
শয়ন বেলাত তই দাসীৰ সমান।। (432)
(শ্ৰীমন্ত শংকৰদেৱ বিৰচিত হৰিশ্চন্দ্ৰ উপাখ্যান)
(2) সৰ্ব-শিক্ষা ঃ-
(a) কাক বুলি হৰি কথা হৰিৰ কীৰ্ত্তন কিবা
যিটো সৱে একোৱে নজানে।
স্ত্ৰী শূদ্ৰ অন্ত্যজাতি তাকো শিক্ষা দিবা মাতি
ধৰিবে সিসবে অহো প্ৰাণে। (332)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, নিমি-নৱসিদ্ধ সংবাদ)
(b) স্ত্ৰী শূদ্ৰো কৰৈ যদি আহ্মাত ভকতি।
তাহাত কহিবা ইটো জ্ঞান মহামতি।। (ৰজ্জ্বচ্ছ)
(কীৰ্ত্তন ঘোষা ঃ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান)

(3) নাৰী স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন
(a) মহা শোকে কোপে অতি কম্পমান কায়।
জাজ্বল্য সমান অগনিৰ শিখা প্ৰায়।।
অন্তৰ্গতে ৰামৰ মিলিল মহাভয়।
দেখি সমজ্যাৰ ভৈল পৰম বিষ্ময়।।
কোপে অপমানে অতি চিত্ত নুহি থিৰ।
হিয়াত পশিল শাল নোলাই গোঁসানীৰ।।
বুলিবে লাগিল দুনাই মনত আসুখ।
আউব ইটো স্বামীৰ ৰাঘৱৰ নচাওঁ মুখ।।
আউৰ যেন নুশুনো ৰামৰ ইটো নাউ।
ফাট দিয়া বসুমতী পাতালে লুকাওঁ।। (উত্তৰাকাণ্ড ৰামায়ণ)