জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
নৱম অধ্যায়
(A) মানৱতা বাদ ঃ
(1) সাম্যবাদ
(a) শুনিয়ো উদ্ধৱ আৰো ৰহস্য ভকতি
কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি।।
সমস্ত ভূততে ব্যাপি আছো মই হৰি।
সৱাকো মানিবা তুমি বিষু্ণ বুদ্ধি কৰি।। (1820)
(কীৰ্তন ঘোষা ঃ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান)
(b) ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি একতুল।।
নীচত সাধুত যাৰ ভৈল একজ্ঞান।
তাহাকেসে পণ্ডিত বুলিয় সবৰ্বজন।। (ৰজ্জ্বচ্ৰ) (কীৰ্তন ঘোষা ঃ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান)
(2) জীৱ কল্যাণেই ঈশ্বৰ সেৱা ঃ
(a) জগতৰ পূণ্য মানে জানা নিষ্ট কৰি।
প্ৰাণী উপকাৰৰ অল্পকো নুহি সৰি।।
হেন জানি প্ৰাণীক অভয় দিয়া দান।
বোলা হৰি হৰি পাইবা বৈকুণ্ঠত থান।। (শ্ৰীমন্ত শঙ্কৰদেৱ কৃত হৰিশ্চন্দ্ৰ উপাখ্যান)
(b) কৰিবা ভূতক দায়া সকৰুণ চি।
হুইবা শান্ত চিত্ত সবৰ্বজনত বৎসল।। (ৰচ্ছ্ৰচ্) (শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ভক্তি প্ৰদীপ)
(3) অহিংসা ঃ
(a) য’ত দেখা ভূত প্ৰাণী সৱে বিষ্ণু হেন জানি
হিংসা এড়ি কৰা উপকাৰ।
বিষ্ণুক মনত ধৰা শ্ৰৱণ কীৰ্ত্তন কৰা
নিস্তাৰিবা তেবেসে সংসাৰ।। (ৰ3চ্ছ্ৰৰ)
(শ্ৰীমদ্ভাগৱতঃ অষ্টম স্কন্ধ, বলিছলন)
(b) ঘৰ পোষা পশু যিটো কৰে বলি দান।
