জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
পৰম অজ্ঞানী সিটো ৰাক্ষস সমান।।
(ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান, নৰক যাতনা)
(c) কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম।। (1823)
(কীৰ্তন ঘোষা)
(d) বিশেষত মনুষ্যগনত যিটো নৰে।
বিষু্ণ বুদ্ধি ভাৱে সবৰ্বদায়ে মান্য কৰে।।
ঈৰিয়া অসূয়া তিৰস্কাৰ অহংকাৰ।
সৱে নষ্ট হোৱৈ তেৱে তাৱক্ষণে তাৰ।। (1822)
(কীৰ্তন ঘোষা ঃ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান)
(4) মানৱ সেৱাই ঈশ্বৰ সেৱা ঃ
(a) দেৱতো তীৰ্থতো কৰি ভকতেসে বৰ।
ভকতক ভজিলে গুচয় কৰ্ম জড়।।
কৰৈ তেৱে ভকতি ঈশ্বৰ মোক মানি।
কহিলো তোহ্মাত ইটো সখি সত্য বাণী।। (181)
(শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, উদ্ধৱ সংবাদ)
(b) বিষু্ণময় দেখৈ যিটো সমস্তে জগত।
জীৱন্তে মুকুত হোৱৈ অচিৰ কালত।।
সকল প্ৰাণীক দেখিবেক আত্মসম।
উপায় মধ্যত ইটো আতি মূখ্যতম।। (কীৰ্তন ঘোষা ঃ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান)
(5) পৰিৱেশ বিজ্ঞান ঃ
(a) কৰৈ পৰ উপকাৰ কিনো কৃপাময়।
পৰৰেসে অৰ্থে জীৱৈ ইটো বৃক্ষচয়।। (926)
থাকৈ সহি ৰহি মহা ৰৌদ্ৰ বৃষ্টি বাত।
আমি সুখে বেঞ্চা ৰহি ইহাৰ ছায়াত।।
পৰ উপকাৰী তৰু জনম সাৰ্থক।
সন্তৰ বিমুখ যেন নুহিকে পাৰ্থক।। (927)
বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফল।
যেই যিবা চাৱৈ পাৱৈ বৃক্ষত সকল।।
জীৱনৰ সফল দেহীৰ এহি মানে।
জীৱৈ পৰ উপকাৰ কৰি অৰ্থে প্ৰাণে।। (928)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দশম স্কন্ধ, আদি ভাগ)
