জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


দশম অধ্যায়


(A) ৰাষ্ট্ৰবাদ ঃ
(1) ৰাষ্ট্ৰ বন্দনা
(a) নৰতনু ইটো ভাৰত বৰিষ
কলিযুগ হৰিনাম।
চাৰিৰ সংযোগ আউৰ কৈত পাইবো
কৃপা কৰা প্ৰভু ৰাম।।
মঞি অধমৰ মাধৱ বান্ধৱ
বুদ্ধিক নকৰা ভ্ৰংশ।
তোহ্মাৰ চৰণ পঞ্জৰে পাশক
আসয় মানস হংস।। (539)
তোহ্মাৰেসে অংশ যত জীৱ আমি
তুমি মোৰ নিজ স্বামী।
প্ৰভু দামোদৰ এতেক গোচৰ
কৰো তযু পাৱে আমি।।
তোহ্মাৰ চৰণ চিত্তে নছাড়োক
নেৰিবো মুখত নাম।
হে কৃষ্ণ প্ৰাণ দিয়ো এহি দান
ডাকি বোলা ৰাম ৰাম।। (540)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দ্বাদশ স্কন্ধ, গ্ৰন্থ সমাপ্তিৰ প্ৰাৰ্থনা)
b) কৃষ্ণৰ কিঙ্কৰে ভনিল শঙ্কৰে
শুনিয়োক সৰ্বজন।
হেন জানি আন আলজাল এড়ি
কৰিয়ো হৰি কীৰ্ত্তন।।
কোন দিন ইটো শৰীৰ পৰয়
কেতিক্ষণে নেয় যম।
আউৰ কি সেন্থৰে ভাৰত ভূমিত
হুইবাহা মনুষ্য জন্ম।। (213)