জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
কোটি কোটি জন্ম অন্তৰে যাহাৰ
আছে মহাপূণ্যৰাশি।
সি সি কদাচিত মনুষ্য হোৱয়
ভাৰত ভূমিত আসি।।
দেৱৰ দুৰ্ল্লভ ইহেন জন্মক
ব্যৰ্থ কৰা কোন কামে।
গৃহতে থাকিয়া হৰিক স্মৰিয়া
মোক্ষ সাধা হৰি নামে।। (214)
‘ (শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত কীৰ্তন ঘোষা- অজামিল উপাখ্যান)
(2) ভাৰতীয় জাতি গঠনত ভূমিকাঃ
(a) কিৰাত কছাৰী খাচি গাৰো মিৰি
যৱন কঙ্ক গোৱাল।
অসম মূলুক ধোবা যে তুৰুক
কুৱাচ ম্লেছ চণ্ডাল।। (53)
আনো পাপী নৰ কৃষ্ণ সেৱকৰ
সঙ্গত পৱিত্ৰ হয়।
ভকতি লভিয়া সংসাৰ তড়িয়া
বৈকুণ্ঠে সুখে চলয়।। (54)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দ্বিতীয় স্কন্ধ )
