জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


একাদশ অধ্যায়
(A) অমৃত মন্থন

(1) সম্পূৰ্ণ মানৱ হোৱাৰ পদ্ধতি অনুশীলন ঃ

কৃষ্ণৰ চৰণে হৈৱে যিমতে ভকতি।
শুনা সাৱধানে তাক স্থিৰ কৰি মতি।।
বিষ্ণুভকতৰ সঙ্গ লৈবা প্ৰথমতে।
গুৰু মানি শুশ্ৰযা কৰিবা ভালমতে।। (375)
লৈয়া উপদেশ মাধৱক আৰাধিব।
যতেক সুকৃতি মানে কৃষ্ণতে অৰ্পিব।।
কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন।
সৰ্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্ত্তন।। (376)
কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।
আছন্ত ইশ্বৰ হৰি সমস্ত ভূতত।।
হেন জানি প্ৰাণীক কৰিবা সতকাৰ।
তেৱেসে কৃষ্ণত ৰতি হৈবেক তোহ্মাৰ।। (377)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত কীৰ্ত্তন ঘোষাঃ প্ৰহ্লাদ চৰিত)

(2) যথা কৰ্ম তথা ফলম্‌
হেন চিন্তি দিলন্ত নন্দক সমিধান।
শুনা পিতৃ কহো যেন শাস্ত্ৰৰ বিধান।।
কৰ্ম্মেসে উপজৈ জীৱ কৰ্ম্মেসে প্ৰলয়। ।
সুখ দুঃখ ভয় শোক কৰ্ম্মেসে মিলয়।। (1005)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীগৱত • দশম স্কন্ধ, আদি ভাগ)

(3) ভাগ্য ঃ