জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
ললাটে লিখিত যিটো বিহিত সৱাৰে।
তাক কি আসিয়া ইন্দ্ৰে গুচাইবাক পাৰে।।
কৰ্ম্মেসে প্ৰৱৰ্ত্তৈ দেখা যত চৰাচৰ। কৰ্ম্মৰ অধীন সৱে দেৱাসুৰ নৰ।। (1008) (শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত দশম স্কন্ধ, আদি ভাগ)
(4) দেহ ঃ
মনুষ্যাদি চতুৰ্বিধ প্ৰাণীৰ দেহত।
জীৱৰ সহিত প্ৰাণ থাকে অবিৰত।।
দেহৰ আছয় দোষ ব্যভিচাৰ সিদ্ধ।
কতো বাল্য কতো যুৱা কতো হোৱে বৃদ্ধ।। (195)
দেহতে থাকয় প্ৰাণ নাহি ব্যাভিচাৰ।
সেহিমতে নাহি ইটো আত্মাৰ বিকাৰ।।
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত একাদশ স্কন্ধ, নিমি নৱ সিদ্ধ সংবাদ)
(5) মন ঃ
নানা কৰ্ম কৰিবাক কৰে আলোচন।
একো কৰ্ম স্থিৰ নোহে তাক বুলি মন।। (63)
– (শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ তৃতীয় স্কন্ধ, অনাদি পাতন)
(6) বুদ্ধি ঃ
সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয়।
বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়।। (64)
(শ্ৰীমদ্ভাগৱত ঃ তৃতীয় স্কন্ধ, অনাদি পাতন)
(7) অহংকাৰ ঃ
