জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
সমস্ত কাৰ্য্যক মঞি কৰো বুলি মানে।
অহঙ্কাৰ বুলি তাক জানিবা আপুনে ।। (64)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ তৃতীয় স্কন্ধ, অনাদি পাতন)
8) চিত্ত ঃ
নানা সদ কৰ্মক কৰয় নিতে নিত।
নিশ্চয়ে জানিবা ৰাজা তাৰ নাম চিত্ত।। (65)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ তৃতীয় স্কন্ধ, অনাদি পাতন)
9) জীৱ ঃ
আছে মন সমস্ত প্ৰাণীৰ হৃদয়ত।
ইশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত।। (66)
তাকে বুলি জীৱ মন এৰে ভিন্ন নুই।
এক পিণ্ড ভৈলা যেন লোহা অগ্নি দুই।।
মনে দুখ পাইলে জীৱে বোলে মঞি পাঞো।
মনে যৈক যাঞে জীৱে বোলে মঞি যাঞো।। (67)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত তৃতীয় স্কন্ধ, অনাদি পাতন)
10) আত্মা ঃ
নাহি জন্ম পূৰ্বতো অদ্যাপি নোহে জাত।
অজৰ অমৰ তুমি আত্মাসে সাক্ষাত।। (204)
দেহতে আছাহা মাত্ৰ তুমি দেহহীন।
যেন অগ্নি থাকন্তে কাষ্ঠতো কৰি ভিন্ন।। (205)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দ্বাদশ স্কন্ধ, ব্ৰহ্মজ্ঞান কথন)
(11) জন্ম-মৃত্যু ঃ
