জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


ব্ৰহ্মা আদি কৰি যত আছে প্ৰাণীচয়।
সমস্তৰে হোৱে নিতে উৎপত্তি প্ৰলয়।। (156) (অৰ্দ্ধযতি)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দ্বাদশ স্কন্ধ, প্ৰলয় কথন)

(12) মায়া ঃ
অবস্তুক দেখাৱয় বস্তুক আৱৰি।
এহিসে মোহোৰ মায়া জানা নিষ্ঠ কৰি।। (229) (শ্ৰীমদ্ভাগৱত ঃ দ্বিতীয় স্কন্ধ)

(13) সাধু ঃ
শক্তি অনুৰূপে কৰয় সৱাকো
উপকাৰ সাধু নৰে।
মহা ক্ষমা শীল সহন শীল
অসূয়া কাকো নকৰে।।
(শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত সংস্কৃত ভক্তি ৰত্নাকৰৰ অনুবাদ)

(14) সাধু সঙ্গ ঃ
কাণত কহন্ত কথা কৃষ্ণে গোপ্য কৰি।
নাহিকে উপায় সখি সুসঙ্গক সৰি।।
আহ্মাক নপাৱৈ পুনু জ্ঞানী কৰ্মীলোক।
সাধু সঙ্গে অৱশ্যেকে বশ্য কৰে মোক।। (178)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ,উদ্ধৱ সংবাদ)

(15) আচৰণ ঃ
গুণত অধিক যিটো আপোনাত কৰি।
তাকো দেখি প্ৰীতি আতি কৰিব সাদৰি।।
নকৰিব কদাচিতো তাহাক অসূয়া।
গুণাধম জন দেখি কৰিবেক দায়া।।
সমানে সহিতে যিটো মিত্ৰতা কৰয়।